মহানগৰীত অঘটনঃ কুৱাত পৰা মোবাইল উঠাবলৈ গৈ কৰুণ মৃত্যু মজদুৰৰ...

ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য...

author-image
Asomiya Pratidin
New Update
মহানগৰীত অঘটনঃ কুৱাত পৰা মোবাইল উঠাবলৈ গৈ কৰুণ মৃত্যু মজদুৰৰ...

guwahati

নুনমাটি থানাৰ অন্তৰ্গত হিলভিউ কলিনিত আজি বিয়লি এক শোকাবহ ঘটনা সংঘটিত হয়। গণেশ মন্দিৰ পথৰ বাপধন নামৰ পৰিচিত ৫০ বছৰীয়া এজন মজদুৰ তথা সৰবৰহী লোকৰ শোকাবহ মৃত্যু ঘটে।

Advertisment

এজন যুৱকৰ এটা ফোন প্ৰায় ৪০ ফুটমান দ কুৱা এটাত পৰি যোৱাৰ পিছত যুৱকজনে ফোনটো উদ্ধাৰৰ বাবে বাপধনক কুৱাটোত নমাই দিয়ে। এডাল ৰছীৰে কুৱাত নামি ফোন বিচাৰিবলৈ যোৱা বাপধনে কুৱাটোৰ ৰিঙত মূৰত আঘাত পোৱাৰ উপৰিও সম্ভৱত অস্কিজেনৰ অভাৱত প্ৰাণ হেৰুৱাই।

ঘটনাটোক লৈ হুৱাাদুৱা লাগে আৰু আৰক্ষীক জনোৱাৰ পাছত এছ ডি আৰ এফৰ এটা দল তাত উপস্থিত হয়। দলটোৰ এজন কামাণ্ডোৱে অক্সিজেন চিলণ্ডাৰ পৰিধান কৰি জখলাৰ সহায়ত কুৱাটোলৈ নামি গৈ বাপধনৰ মৃতদেহটো উদ্ধাৰ কৰে।

ইতিমধ্যে আৰক্ষীয়ে ফোনৰ গৰাকী যুৱকজনক আটক কৰিছে। উল্লেখযোগ্য যে, বাপধনে দিন মজদুৰি কৰাৰ লগতে তেওঁৰ পত্নী প্ৰতিমাই গেণেশ মন্দিৰ পথৰ কেইবাটাও পৰিয়ালৰ ঘৰত পাৰ্ট টাইম ৱৰ্কাৰ হিচাপে কাম কৰি পৰিয়াল পোহপাল দিছিল। তেওঁলোকৰ এটা ল'ৰা এজনী ছোৱালীক স্নাতক মহলাত পঢ়োৱাই আছিল।

ইফালে তেওঁলোকৰ ছোৱালীজনীৰ বিয়াৰ কথা বতৰাও চলি আছিল। অঞ্চলটোত অতিকে সৰবৰহী হিচাপে পৰিচিত বাপধনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

guwahati