মক্ৰং চাহ বাগিচাৰ কলঘৰত অঘটন, শ্ৰমিকৰ মৃত্যু

গুৰুতৰভাৱে আহত হোৱা শ্ৰমিকজনক প্ৰথমে মক্ৰং চাহ বাগিচাৰ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰি ততাতৈয়াকৈ বাগিচাৰ কৰ্তৃপক্ষই বাগিচাৰ জৰুৰীকালীন গাড়ীৰে গোলাঘাটৰ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়তে শ্ৰমিকজনে শেষ নিশ্বাস ত্যাগ কৰে ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ঘিলাধাৰী গোলাঘাটৰ মক্ৰং চাহ বাগিচাত এক অঘটন সংঘটিত হয়৷ চাহ বাগিচাখনৰ কলঘৰৰ ওপৰত কাম কৰি থকা অৱস্থাত কলঘৰৰ ওপৰৰ পৰা পৰি এজন শ্ৰমিক গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত মৃত্যুক সাৱতি লয় ৷ মৃত  শ্ৰমিকজনৰ নাম ঈদ মহমদ হুছেইন (৩০)৷

Advertisment

গুৰুতৰভাৱে আহত হোৱা শ্ৰমিকজনক প্ৰথমে মক্ৰং চাহ বাগিচাৰ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰি ততাতৈয়াকৈ বাগিচাৰ কৰ্তৃপক্ষই বাগিচাৰ জৰুৰীকালীন গাড়ীৰে গোলাঘাটৰ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়তে শ্ৰমিকজনে শেষ নিশ্বাস ত্যাগ কৰে ৷

মৃত্যুৰ সময়ত পত্নী,দুই কণমানি পুত্ৰ-জীৰ লগতে অনেক আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায় ৷ প্ৰয়াত ঈদ মহমদ হুছেইন ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল৷ লোকজনৰ আকস্মিক মৃত্যু হোৱাত পৰিয়ালটোৰ মাজত হাহাঁকাৰৰ সৃষ্টি হৈছে । মৃত শ্ৰমিকজনৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ বাগিচাখনৰ কৰ্তৃপক্ষক শ্ৰমিক সকলৰ লগতে সংগঠন সমূহে দাবী জনাইছে৷

 

চাহ বাগিচা