জলমিত্ৰৰ কৰ্ম বিৰতি পালন, আজিৰে পৰা পানী নাপাব দৰংবাসীয়ে

শুকুৰবাৰৰ পৰা অনিৰ্দিষ্ট সময়লৈ পানী দিয়াৰ পৰা বিৰত থাকিব দৰং জিলাৰ জলজীৱন আঁচনিৰ জলমিত্ৰসকল। জলমিত্ৰ সকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ প্ৰতিবাদত এই কৰ্মবিৰতি ঘোষণা দৰং জিলাৰ জলমিত্ৰসকলৰ।

author-image
Asomiya Pratidin
New Update
00

ডিজিটেল সংবাদ,মঙলদৈঃশুকুৰবাৰৰ পৰা অনিৰ্দিষ্ট সময়লৈ পানী দিয়াৰ পৰা বিৰত থাকিব দৰং জিলাৰ জলজীৱন আঁচনিৰ জলমিত্ৰসকল। জলমিত্ৰ সকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণৰ প্ৰতিবাদত এই কৰ্মবিৰতি ঘোষণা দৰং জিলাৰ জলমিত্ৰসকলৰ।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ স্থায়ী কৰ্মচাৰী হিচাপে নিযুক্তি দিয়াৰ দাবী জলমিত্ৰসকলৰ ।লগতে মাননীৰ পৰিবৰ্তে মজুৰি প্ৰদান কৰা আদি বিভিন্ন দাবী উত্থাপন কৰি পানী দিয়াৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে জলমিত্ৰসকলে।

দৰং