/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-14/2wotuawt/23.jpg)
ডিজিটেল সংবাদ,তিনিচুকীয়াঃ ৰাজ্যত অব্যাহত আছে অবৈধ কাঠ চিণ্ডিকেটৰ ৰমৰমীয়া বেহা। ভুৱা টিপি লৈ অৰুণাচলৰ পৰা অসমত দৈনিক প্ৰৱেশ অবৈধ কাঠভৰ্তি বাহনৰ। মঙলবাৰে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু সাংবাদিকৰ অভিযানত ৰাজ্যত চলি থকা কাঠ চিণ্ডিকেটৰ ভয়াবহ ঘটনা পোহৰলৈ আহিছে।
ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, ম্যাদ ওকলা টিপি লৈ ১৩ আগষ্টৰ নিশা অৰুণাচলৰ পৰা ট্ৰাকেৰে তিনিচুকীয়ালৈ কাঠ সৰবৰাহ কৰিছিল গোবিন্দ সৰকাৰ নামৰ ব্যৱসায়ীজনে। দল-সংগঠনৰ অভিযানত টিপি দেখুৱাইছিল ট্ৰাক চালকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-14/cy5ppq6b/f2d23377-4d1c-49ef-a99f-ea51f0e16223.jpg)
ইফালে টিপি ত উল্লেখ থকা অনুসৰি জুলাই মাহৰ ২৬ তাৰিখে ইচ্ছ্যু কৰা টিপি খনৰ ম্যাদ আছিল ৩১ জুলাইলৈ। কিন্তু ২৬ জুলাইৰ টিপি দেখুৱাই চলিত মাহ পৰ্যন্ত কাঠ সৰবৰাহৰ চেষ্টা কৰিছিল ব্যৱসায়ীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-14/qmkffm8b/a722d853-71e0-45ed-b308-721e4c85cba3.jpg)
উল্লেখ্য যে,এই সন্দৰ্ভত গোবিন্দ সৰকাৰে কাঠৰ ছিণ্ডিকেট চলাই থকাৰ কথাও উল্লেখ কৰিছে ট্ৰাক চালকে। চালকৰ ভাষ্য অনুসৰি অৰুণাচলৰ পৰা তিনিচুকীয়ালৈকে চোৰাং কাঠ ভৰ্তি ট্ৰাকসমূহ পাৰ কৰাই দিয়াৰ দায়িত্বত থাকে সত্য মৰাণ নামৰ এজন লোক।
সত্য মৰাণে তিনিচুকীয়া পাৰ কৰাই দিয়াৰ পাছতে পুনৰ চাবুৱাৰ পৰা ডিব্ৰুগড় জিলা পাৰ কৰি দিয়ে আন দুই যুৱকে। এইদৰে উজনিত অব্যাহত আছে চোৰাং কাঠৰ বৃহৎ বজাৰ। উল্লেখ্য যে, গোবিন্দ সৰকাৰ আৰু সত্য মৰাণৰ নাম ক'লে আৰক্ষী আৰু বন বিভাগেও অবৈধ কাঠৰ বাহন নৰখোৱাৰ অভিযোগ কৰিছে একাংশই।
Also Read: দদৰাত ছাত্ৰ-ছাত্ৰীৰ মাজত জাতীয় পতাকা বিতৰণ জৱাহৰলাল মঞ্চৰ