Advertisment

হাৱাইপুৰত চোৰাং কাঠ জব্দঃ বন বিভাগৰ কৰ্মচাৰীলৈ সৰৱৰাহকাৰীৰ ভাবুকি

হাৱাইপুৰত চোৰাং কাঠ জব্দঃ বন বিভাগৰ কৰ্মচাৰীলৈ সৰৱৰাহকাৰীৰ ভাবুকি

author-image
Asomiya Pratidin
New Update
হাৱাইপুৰত চোৰাং কাঠ জব্দঃ বন বিভাগৰ কৰ্মচাৰীলৈ সৰৱৰাহকাৰীৰ ভাবুকি

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ বন বিভাগৰ বৰ্ডৰ অধক্ষ্য চাৰ্থে ক্ৰামচাৰ নিজ ভাতৃ বৰণ ক্ৰামচাই দয়াংমুখস্থিত বনবিভাগৰ কৰ্মীক ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

Advertisment

তথ্য অনুসৰি বৰণ ক্ৰামচা পূৰ্বৰে পৰা চোৰাং কাৰবাৰৰ সৈতে জড়িত থাকি মূল্যবান চেগুন কাটি হাৱাইপুৰ হৈ অন্য জিলালৈ চোৰাং কাঠসমূহ প্ৰেৰণ কৰে। খেৰনী বন বিভাগৰ বিশেষ খবৰ ভিত্তি হাবাইপুৰত কঢ়িয়াই নিয়া অৱস্থাতে চোৰাং কাঠসমূহ জব্দ কৰে বন বিভাগে।

মূল্যৱান চেগুন গছৰ কুণ্ডা জব্দ কৰাৰ পিছতে এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এক উত্তেজনা। অবৈধভাৱে সৰৱৰাহ কৰি থকা অৱস্থাত জব্দ কৰা কুণ্ডা শীঘ্ৰে মুকলি কৰাৰ দাবীৰে কুণ্ডা চোৰে আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে বনকৰ্মীক। বৰণ ক্ৰামছা নামৰ কুণ্ডা সৰবৰাহকাৰীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে বনকৰ্মীয়ে।

বৰণ ক্ৰামছা হৈছে কাৰ্বি পৰিষদৰ অধীনৰ বন বিভাগৰ বিভাগীয় অধ্যক্ষ ছাৰ্থে ক্ৰামছাৰ ভাতৃ। ছাৰ্থে ক্ৰামছা বন বিভাগৰ অধ্যক্ষ হোৱাৰ বাবেই ভাতৃ বৰণ ক্ৰামছাই বিভাগীয় বনকৰ্মীক এনেদৰে ভাবুকি প্ৰদানৰ লগতে কাৰ্যালয় চৌহদত বনকৰ্মীৰ সৈতে হতাহতি কৰাৰ সাহস কৰা বুলিও অভিযোগ উত্থাপিত কৰিছে বনকৰ্মীয়ে।

Also Read: এখন দেশ! নবজে হুইচেল, নকয় ট্ৰেফিকে ৰ'ব, পথত কিন্তু ঠিকেই চলে গাড়ী মটৰ...

FOREST DEPARTMENT wood smugling hauraghat