New Update
/asomiyapratidin/media/media_files/2025/03/09/3Q3j7xuzYGhXM6Y3iU8p.jpg)
মহিলাৰ স্বাস্থ্য সজাগতা সভা
ডিজিটেল সংবাদ,বিহপুৰীয়া : আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে শনিবাৰে বিহপুৰীয়াৰ বদতি জামুগুৰিত নিৰাময় ন্যাসৰ উদ্যোগত, বিহপুৰীয়া চিকিৎসালয় আৰু অসমী মহিলা সমিতিৰ সহযোগত বদতি জামুগুৰি নাট্য সমাজত এখনি "মহিলা স্বাস্থ্য সজাগতা" সভা অনুষ্ঠিত হয়। সভাখন উদ্বোধন কৰে নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যুগল চন্দ্ৰ কলিতাই ।
/asomiyapratidin/media/media_files/2025/03/09/Ja4Xis2rfpiM8U67tqTF.jpg)
অসমী মহিলা সমিতিৰ সভানেত্ৰী দীপা কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সজাগতা সভাখনত নিৰাময় ন্যাসৰ ন্যাসৰক্ষী পল্লৱী নেওগ বৰাই মহিলাসকলৰ স্বাস্থ্য ৰক্ষাৰ বাবে কিছু দিহা পৰামৰ্শ প্ৰদান কৰে। সভাত বিহপুৰীয়া চিকিৎসালয়ৰ কমিউনিটি হেল্থ অফিচাৰ অনামিকা বৰাই মহিলাসকলে মাহেকীয়াৰ সময়ত ল'বলগীয়া সাৱধানতা আৰু চাফ চিকুণতাৰ বিষয়ে বক্তব্য আগবঢ়ায়।
/asomiyapratidin/media/media_files/2025/03/09/LPqPbre4RJxJRNQS7JtJ.jpg)
তেওঁ মাহেকীয়াৰ সময়ত স্বাস্থ্য সচেতন আৰু চাফ চিকুনকৈ নাথাকিলে কেনে ধৰণৰ ৰোগ হ'ব পাৰে সেই বিষয়ে সভাত উপস্থিত মহিলা সকলক বুজায় কয়। আন এগৰাকী কমিউনিটি হেল্থ অফিচাৰ বিদিশা শৰ্মাই মহিলাসকলৰ স্বাস্থ্য ৰক্ষাৰ বাবে প্ৰয়োজনীয় আইৰণ, কেলচিয়াম, ভিটামিন আদি ঔষধ সেৱন সম্পৰ্কে বক্তব্য প্ৰদান কৰে।
সভাৰ শেষত মহিলাসকলৰ মাজত সজাগতাৰ বাবে আইৰণ ফলিক এচিডৰ ঔষধ আৰু চেনিটাৰী নেপকিন বিতৰণ কৰে । অসমী মহিলা সমিতিৰ সম্পাদিকা পিকু বৰাই আতঁ ধৰা সভাখনত অঞ্চলটোৰ শতাধিক মহিলাৰ লগতে বদতি জামুগুৰি নাট্য সমাজৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে।