নগাঁৱৰ কলেজ অৱ এডুকেশ্বনৰ নাৰী দিৱস পালন...

নাৰী দিৱস উপলক্ষে কটন বিশ্ববিদ্যালয়ৰ অৱসপ্ৰাপ্ত দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপিকা মিনতি বৰঠাকুৰক অনন্যা ২০২৫ বঁটা প্ৰদান কৰা হয়।

author-image
Asomiya Pratidin
New Update
df

ডিজিটেল সংবাদ,নগাঁওঃ   প্ৰত্যেক বছৰৰ দৰে এই বছৰো নগাঁও কলেজ অৱ এডুকেশ্বনত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। সেই উপলক্ষে কটন বিশ্ববিদ্যালয়ৰ অৱসপ্ৰাপ্ত দৰ্শন বিভাগৰ মুৰব্বী অধ্যাপিকা মিনতি বৰঠাকুৰক অনন্যা ২০২৫ বঁটা প্ৰদান কৰা হয়।

Advertisment

মিনতি বৰঠাকুয়ে দুবাৰকৈ কৰ্কট ৰোগত আক্ৰান্ত হৈ মনোবল অটুট ৰাখি কৰ্কট ৰোগৰ পৰা মুক্ত হ'বলৈ সক্ষম হৈছিল। লগতে যি সকল কৰ্কট ৰোগত আক্ৰান্ত হোৱা লোক সকলৰ মাজত প্ৰেৰণা দাইনী হিচাপে থিয়দি সেৱা আগবঢ়াই আহিছে ।

তেওঁ কৰ্কট ৰোগত আক্ৰান্ত সকলক মানসিক পৰামৰ্শ দাতা হিচাপে ভাৰতবৰ্ষৰ লগতে বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপ আৰু মৰিছাছ আদি বিদেশী ৰাষ্ট্ৰলৈয়ো নিমন্ত্ৰণ জনাইছে। এই বৰ্ষৰ অনন্যা ২০২৫ বঁটা তেওঁক প্ৰদান কৰিবলৈ পাই কলেজ অৱ এডুকেশ্বনৰ পৰিয়াল সুখী হোৱা পৰিলক্ষিত হয়।

নাৰী দিৱস