/asomiyapratidin/media/media_files/2025/03/08/xWvJe943ndAE88jH1QHl.jpg)
মহিলা লোকো পাইলট
ডিজিটেল ডেস্ক: ভাৰতবৰ্ষ প্ৰতিদিনে কোটিৰ সংখ্যাত জনসাধাৰণে ৰে'লেৰে পৰিবহণ কৰে। হাজাৰ হাজাৰ লোকৰ সুৰক্ষাৰ দায়িত্ব লৈ গন্তব্যস্থানত উপস্থিত কৰোৱাৰ মুল দায়িত্ব থাকে লোকো পাইলট অৰ্থাৎ ট্ৰেইন চালকৰ। ভাৰতীয় ৰে'লৱে পৰম্পৰাগতভাৱে পুৰুষ প্ৰধান খণ্ড, দীঘলীয়া কামৰ সময়, প্ৰত্যাহ্বানমূলক ভূখণ্ড, একক কাম, আৰু বৰ্ধিত কৰ্তব্যৰ সময়—কেতিয়াবা ৪০ৰ পৰা ৬০ ঘণ্টা ধৰি হয়। যাৰবাবে মহিলাই ৰে'লৱে খণ্ডত কাম কৰাটো জটিল হৈ পৰে।
পিছে দেশত পুৰুষৰ সমান্তৰালভাৱে এতিয়া বাঢ়িছে মহিলা লোকো পাইলটৰ সংখ্যা। ভাৰতীয় ৰে’লৱেত ৰে’ল চলোৱা মহিলা লোকো পাইলটৰ সংখ্যা বিগত দহ বছৰত পাঁচগুণ বৃদ্ধি পোৱা বুলি জানিবলৈ দিয়ে চৰকাৰী বিষয়াসকলে। একেদৰে বিগত দহ বছৰত মহিলা ষ্টেচন মাষ্টাৰৰ সংখ্যাও পাঁচগুণ বৃদ্ধি পাই ১৮২৮ গৰাকী হৈছে।
২০২৪ চনলৈকে ১,৮২৮ গৰাকী মহিলা লোকো পাইলটে ভাৰতীয় ৰে’লৱেত কাম কৰিছে, যিটো এটা দশকৰ পূৰ্বে আছিল মাত্ৰ ৩৭১ গৰাকী । ইয়াৰে অধিকাংশ মহিলা লোকো পাইলট উত্তৰ প্ৰদেশৰ (৩৬ৰ পৰা ২২২লৈ বৃদ্ধি)। তাৰ পিছতে তেলেংগানা (১৩ৰ পৰা ১৯৬) আৰু তামিলনাডু (৩৯ৰ পৰা ১৮০লৈ) গৰাকী লোকো পাইলট আছে ভাৰতীয় ৰে’লৱেত।মহিলাসকলে ভাৰতীয় ৰে’লৱেত লোকো পাইলট, ষ্টেচন মাষ্টাৰ, ট্ৰেকমেন, চিগনেল মেইণ্টেনেন্স, গাৰ্ড, গেংমেন হিচাপেও কাম কৰি আহিছে।