মাতৃ হোৱাৰ পূৰ্বেই স্বাস্থ্যৱান হোৱাটো প্ৰয়োজনঃ 'মহিলাৰ স্বাস্থ্য়, পুষ্টিহীনতা আৰু অসমৰ স্বাস্থ্য সেৱা' বিষয়ক আলোচনা সম্পন্ন

pratidin conclave
pratidin conclave

ডিজিটেল ডেস্কঃ অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমৰ দ্যা কনক্লেভ-২০২২ৰ দ্বিতীয় দিনটোৰ তৃতীয়খন আলোচনা সফলতাৰে সমাপ্ত হৈছে। 'মহিলাৰ স্বাস্থ্য়, পুষ্টিহীনতা আৰু অসমৰ স্বাস্থ্য সেৱা' বিষয়ক আলোচনাত অংশগ্ৰহণ কৰে সমাজ কৰ্মী মনিষা বেহেল,ইউনিচেফৰ ৰাজ্যিক মূৰব্বী ড০ মধুলিকা জনাথন আৰু প্ৰতীক্ষা হাস্পতালৰ সঞ্চালক ডাঃ প্ৰমোদ শৰ্মা।

নন্দিনীৰ সম্পাদিকা মাইনী মহন্তই আঁত ধৰা অনুষ্ঠানটোত মধুলিকা জনাথনে কয় যে, কিশোৰীৰ স্বাস্থ্য সেৱাৰ ওপত বিনিয়োগ কৰাটো প্ৰয়োজন। এগৰাকী মহিলাই সন্তান জন্ম দিয়াৰ পিছত স্বাস্থ্যৰ ওপৰত অগ্ৰাধিকাৰ পৰিৱৰ্তে কিশোৰী অৱস্থাতে স্বাস্থ্যৰ প্ৰতি সচেতন হৈ স্বাস্থ্যৱান হোৱাটো অতি প্ৰয়োজন।

তেওঁ কয়,মাতৃৰ স্বাস্থ্য মহিলাৰ অধিকাৰ। এগৰাকী মহিলা সন্তান জন্ম দিবলৈ স্বাস্থ্যৱান হ'ব লাগিব। মাতৃৰ স্বাস্থ্য বহুমাত্ৰিক। যদি আইনে নিৰ্ধাৰণ কৰি দিয়া বয়সৰ পূৰ্বেই ছোৱালী এজনীৰ বিয়া হ'লেও শৰীৰ গৰ্ভধাৰণৰ বাবে সাজু নহয়। এনে অৱস্থাত মাতৃত্ব অৰ্জন কৰিলে মাতৃ আৰু কেঁচুৱা দুয়োকে প্ৰভাৱিত কৰে। লিংগ বৈষম্যৰ বাবেও এনে হয়।

ইফালে উন্নত স্বাস্থ্য আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ড০ মনিষা বেহালে কয়, "আমাক উন্নত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ আৱশ্যক। আমাক অধিক মানৱ সম্পদৰ প্ৰয়োজন। উন্নত স্বাস্থ্যৰ বাবে ভেষজ ঔষধৰ লাভালাভৰ ওপৰত শিক্ষা প্ৰদান কৰাটোৰ প্ৰয়োজনিয়তা আছে।"

আনহাতে তেওঁ কয় যে, শিশু আৰু মহিলাসকলে স্বাস্থ্যজনিত সমস্যাৰ অসমানুপাতিক বোজা বহন কৰে। তেওঁ পুৰুষ তান্ত্ৰিক সমাজৰ বিষয়ে ক'বলৈ গৈ কয়, যদি ৰাতি ল'ৰা বাহিৰলৈ যায়, ইয়াক স্বাভাৱিক বুলি গণ্য কৰা হয়, কিন্তু ছোৱালীৰ ক্ষেত্ৰত একেই নহয়। এইবোৰ পুৰুষতান্ত্ৰিক সমাজৰ কিছুমান উপাদান।

আন এগৰাকী সমল ব্যক্তি ড০ প্ৰমোদ শৰ্মাই কয় যে, আধুনিক ঔষধ বৃহৎ পৰিমাণে বৃদ্ধি কৰাত ব্যৰ্থ হৈছে আৰু বিশ্বৰ জনসংখ্যাৰ ৮০ শতাংশ লোকৰ মৌলিক সামগ্ৰীৰ অভাৱ আছে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in