ডিজিটেল সংবাদ,ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰৰ গেৰামাৰী ষষ্ঠ খণ্ড এলেকাত শুকুৰবাৰে ৰে'লৰ খুন্দাত প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই ।
ৰে'লৰ খুন্দাত নিহত হোৱা মহিলা গৰাকী ডাঙিৰ চৰৰ আমবিয়া বিবি। ৫৫ বছৰীয়া আমবিয়া বিবি শিলিগুৰিৰ পৰা গুৱাহাটী অভিমুখী মালবাহী ৰে’লৰ খুন্দাত থিতাতে নিহত হয়।
ঘটনা সন্দৰ্ভত গৌৰীপুৰ আৰক্ষী আৰু ৰে’ল আৰক্ষীৰ এটি দলে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজ আৰু হাস্পতাললৈ প্ৰেৰণ কৰে।