/asomiyapratidin/media/media_files/2025/03/04/49TanBDCYHTPqqSMI1nr.jpg)
ডিজিটেল ডেস্কঃ দেশত ঋণ লোৱা মহিলাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। সোমবাৰে প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ২০১৯ চনৰ পৰা ২০২৪ চনৰ ভিতৰত ঋণ লোৱা মহিলাৰ সংখ্যা তিনিগুণ বৃদ্ধি পাইছে। প্ৰাপ্ত তথ্য মতে, ঋণ লোৱা মহিলাসকলৰ প্ৰায় ৬০% সৰু চহৰ বা গাঁৱৰ।
উক্ত প্ৰতিবেদনখন চৰকাৰী থিংক টেংক নিটি আয়োগ, ট্ৰেন্সইউনিয়ন চিবিল আৰু মাইক্ৰ’ছেভ কনছালটিঙে যৌথভাৱে প্ৰস্তুত কৰিছে। প্ৰতিবেদন অনুসৰি, ২০১৯ চনৰ পৰা ব্যৱসায়িক ঋণ লোৱা মহিলাৰ সংখ্যা ১৪% বৃদ্ধি পাইছে। সোণৰ ঋণত মহিলাৰ অংশ ৬% লৈ বৃদ্ধি হোৱাৰ লগতে যোৱা বছৰৰ ডিচেম্বৰ মাহলৈকে ব্যৱসায়িক ঋণৰ ৩৫% মহিলাই লোৱা বুলি জানিব পৰা গৈছে।
এই প্ৰতিবেদনখনৰ জৰিয়তে দেশৰ অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত মহিলাৰ ভূমিকা সম্পৰ্কে ধাৰণা কৰিব পৰা গৈছে। মহিলাসকলৰ লুকাই থকা সম্ভাৱনা আৰু তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ওপৰতো আলোকপাত কৰা হৈছে।
ভাৰতৰ জনসংখ্যাত প্ৰায় আধা সংখ্যক মহিলা কিন্তু জিডিপিত তেওঁলোকৰ অৱদান মাত্ৰ ১৮%। উল্লেখযোগ্য যে, ৩০ বছৰৰ তলৰ মহিলাসকলে মুঠ খুচুৰা ঋণৰ মাত্ৰ ২৭%হে লাভ কৰে, আনহাতে পুৰুষৰ বাবে এই সংখ্যা ৪০%।