১০ মহীয়া শিশুক পথৰ দাতিত থৈ যুৱকৰ প্ৰাণ ৰক্ষাৰ বাবে পানীত জাপ দিলে মাতৃয়ে…

১০ মহীয়া শিশুক পথৰ দাতিত থৈ যুৱকৰ প্ৰাণ ৰক্ষাৰ বাবে পানীত জাপ দিলে মাতৃয়ে…

author-image
asomiyapratidin
New Update
১০ মহীয়া শিশুক পথৰ দাতিত থৈ যুৱকৰ প্ৰাণ ৰক্ষাৰ বাবে পানীত জাপ দিলে মাতৃয়ে…

ডিজিটেল ডেস্ক : মধ্য প্ৰদেশত সাহসিকতাৰ পৰিচয় দিলে মাতৃয়ে । নিজৰ ১০ মহীয়া সন্তানক পথৰ দাতিত থৈ ডুবিবলৈ ধৰা যুৱকৰ প্ৰাণ ৰক্ষাৰ বাবে খালত জাপ দিলে মহিলাগৰাকীয়ে । স্থানীয় আৰক্ষী বিষয়া বিপি সিংহই সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্য অনুসৰি শনিবাৰে সন্ধিয়া প্ৰবল বৃষ্টিপাতৰ বাবে খাজুৰিয়া আৰু কাঢাইয়াকাল গাওঁ দুখনৰ মাজৰ খালটো পানীৰে উপচি পৰাত যাতায়ত ব্যৱস্থা সম্পূৰ্ণ ৰূপে ব্যাহত হৈ যায় । তেনে সময়তে কাঢাইয়াকাল গাৱঁৰ ৰাজু আহিৱাৰ (২৫) আৰু জীতেন্দ্ৰ আহিৱাৰে খালটো পাৰ কৰিবলৈ খোজ দিয়াৰ লগে লগে প্ৰবল সোতত নিয়ন্ত্ৰণ হেৰুৱাই সোতৰ সৈতে উটি যায় দুয়ো যুৱক ।

Advertisment

সৌভাগ্যক্ৰমে, খালৰ পৰা পানী নিবলৈ অহা ৰাবিনা কাঞ্জাৰ ঘটনাস্থলীত উপস্থিত আছিল আৰু তৎক্ষণাত যুৱক দুজনৰ উদ্ধাৰৰ বাবে খালটোত জপিয়াই । ৰাবিনাৰ এই প্ৰচেষ্টাত প্ৰাণ ৰক্ষা পৰে ৰাজু আহিৱাৰ, কিন্তু জীতেন্দ্ৰ আহিৱাৰক প্ৰবল সোতে মূহুৰ্ততেই উটুৱাই লৈ যায় ।

আৰু পঢ়ক : ঘিলামৰাৰ অঞ্জনা কোঁচলৈ ৰাজ্যিক কৃতী শিক্ষক বঁটা…

madhya pradesh india