/asomiyapratidin/media/media_files/2025/04/21/QCkbCAIdkIveztVpJh0l.jpg)
স্বামীক কাটি ছুটকেছত ভৰাই দিলে পেলাই
ডিজিটেল ডেস্ক : পুনৰ পৰকীয়া প্ৰেমৰ বাবে পত্নীৰ হাতত প্ৰাণ গল স্বামীৰ। স্বামীক চোকা অস্ত্ৰৰে অতি নৃশংসভাৱে হত্যা কৰি ছুটকেছত ভৰাই ৫০ কিলোমিটাৰ দূৰত পেলাই দিলে পত্নীয়ে। প্ৰেমিকৰ সৈতে পত্নীয়ে এই অপৰাধ সংঘটিত কৰিলে এই ভয়ংকৰ হত্যাকাণ্ড।
মৃ্ত ব্যক্তিজনৰ পত্নীৰ অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল ভাগিনৰ সৈতে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। হত্যাকাৰী পত্নীৰ স্বামী চৌদি আৰৱত কাম কৰিছিল আৰু মাত্ৰ এসপ্তাহ পূৰ্বে ঘৰলৈ উভতি আহিছিল। স্বামী ঘৰলৈ অহাৰ বাবে পত্নীৰ প্ৰেমত তেওঁ বাধা হৈ পৰিছিল। সেয়েহে পত্নীয়ে প্ৰেমিকৰ সৈতে তেওঁক হত্যা কৰাৰ পৰিকল্পনা ৰচনা কৰিলেআৰু চোকা অস্ত্ৰৰে আঘাত কৰি অতি নিৰ্মমভাৱে হত্যা কৰিলে।
উল্লেখযোগ্য যে, দেওবাৰে পুৱা একাংশ লোকে দেওৰিয়াৰ তৰকুৱা থানা এলেকাৰ পাকদী ছাপাৰ পাঠখৌলি গাঁৱৰ ঘেঁহুৰ পথাৰত এটা ছুটকেছ পৰি থকা দেখিছিল। এই ছুটকেছটোৰ বিষয়ে স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰিছিল। লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত উদ্ধাৰ কৰে ছুটকেছটো । আৰক্ষীয়ে যেতিয়া ছুটকেছটো খুলিলে, তেতিয়া তাত আছিল এজন ৩০ বছৰীয়া যুৱকৰ মৃতদেহ। যুৱকজনৰ মূৰৰ চাৰিওফালে আঘাতৰ চিন আছিল।
আৰক্ষীয়ে যেতিয়া মৃতদেহটো চিনাক্ত কৰি গোচৰটোৰ তদন্ত কৰে। মৃতদেহৰ লগত পোৱা নথি-পত্ৰৰ ভিত্তিত মৃতদেহটো দেওৰিয়াৰ মেইল থানা এলেকাৰ অন্তৰ্গত ভটৌলী গাঁৱৰ বাসিন্দা নৌছাদৰ বুলি চিনাক্ত কৰা হয়। যাৰ বয়স প্ৰায় ৩০ বছৰ। নৌছাদ ধন উপাৰ্জন কৰি মাত্ৰ এসপ্তাহ পূৰ্বে চৌদি আৰৱৰ পৰা উভতি অহাৰ তথ্যও আৰক্ষীয়ে লাভ কৰে।
তদন্তৰ সময়ত আৰক্ষীয়ে তেওঁৰ পত্নীক লৈ সন্দেহ প্ৰকাশ কৰে আৰু যেতিয়া আৰক্ষীয়ে তেওঁক জিম্মাত লৈ কঠোৰভাৱে জেৰা কৰে তেতিয়া সমগ্ৰ বিষয়টো পোহৰলৈ আহে। নৌছাদৰ পত্নীৰ ভাগিনৰ সৈতে অবৈধ সম্পৰ্ক আছিল। পইচা উপাৰ্জন কৰি চৌদি আৰৱৰ পৰা উভতি অহা স্বামীয়ে তাইৰ প্ৰেমত বাধা হ’বলৈ ধৰিলে। এই কাৰণতে প্ৰেমিকৰ সৈতে পত্নীয়ে চোকা অস্ত্ৰৰে স্বামীক হত্যা কৰে।