/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/f91a3cc6-203b-40ab-ab2c-749e0d776621/MAHALAYA_BAIDEU.jpg)
NAGAON incident
ডিজিটেল সংবাদ,নগাঁওঃ সন্তানৰ সন্মুখতে মাতৃক হত্যা ৷ মহালয়াৰ সন্ধ্যা নগাঁৱৰ হৰিজন কলনিত এগৰাকী মহিলাক অজ্ঞাত ঘাতকে ঘৰৰ ভিতৰতে হত্যা কৰে ৷ হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ নাম হৈছে ৰূমী দত্ত ৷ চুৰিৰে ডিঙি ৰেপি হত্যা কৰা হৈছে মহিলাগৰাকীক ৷
দেওবাৰে সন্ধিয়া ৭.২০ বজাত সংঘটিত এই হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁও চহৰত ৷ আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহাৰ হোৱা এখন চুৰি উদ্ধাৰ কৰিছে ৷
জানিব পৰা মতে সন্ধিয়া নিজ ঘৰত ৰূমী দত্ত , বৃদ্ধ শাহু আৰু ১১ বছৰীয়া সন্তানৰ সৈতে আছিল ৷ দুৱাৰ বন্ধ কৰি ঘৰৰ ভিতৰত থকা অৱস্থাত কলিঙ বেল বজাত ৰূমী দত্তই দুৱাৰ খুলি দিয়ে ৷ দুৱাৰ খুলি দিয়াৰ সময়ত মাতৃৰ লগত সন্তানটিও আছিল ৷
দুৱাৰ খুলি দিয়াৰ পিছত ৰূমীক ঘাতকে ডিঙিত চোকা অস্ত্ৰৰে ৰেপি দিয়ে ৷ ঘৰৰ সন্মুখৰ কোঠাতে ৰূমী তেজেৰে ৰাঙলী হৈ পৰি ৰয় ৷ আৰক্ষীয়ে ঘটনাস্থলীত কোঠাৰ বিভিন্ন আচবাব সিচৰিত হৈ থকাৰ লগতে দুই এক ভাগি থকা অৱস্থাত প্ৰত্যক্ষ কৰিছে ৷ সন্দেহ কৰা মতে ঘাতকৰ সৈতে মহিলাগৰাকীৰ কিছু যুঁজ বাগৰ হৈছিল ৷
হত্যাকাণ্ডটোৰ পিছত স্থানীয় লোক ৰূমী দত্তৰ ঘৰত উপস্থিত হৈ তেজৰ দোঙাৰ মাজত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছে ৷ অৱশ্যে এতিয়ালৈ হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই ৷