জামুগুৰিহাটত মহিলা নিৰুদ্দেশ

জামুগুৰিহাটৰ বাঁহবাৰী সত্ৰৰ এগৰাকী মহিলা বিগত ১৯ দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত মহিলা নিৰুদ্দেশ

জামুগুৰিহাটত মহিলা নিৰুদ্দেশ

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ বাঁহবাৰী সত্ৰৰ এগৰাকী মহিলা বিগত ১৯ দিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। পদুমী বৰা নামৰ মহিলাগৰাকী যোৱা ২৫ জানুৱাৰীৰ পুৱাই ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰ পৰাই আজিলৈকে উভতি অহা নাই বুলি স্বামী তথা পৰিয়ালবৰ্গই জানিবলৈ দিছে। 

স্বামী বিপুল বৰাৰ লগতে পৰিয়ালৰ লোক আত্মীয় তথা বিভন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও মহিলাগৰাকীৰ কোনো সম্ভেদ নোপোৱাত উপায়হীন হৈ জামুগুৰি আৰক্ষী থানাত নিৰূদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে নিৰুদ্দিষ্ট মহিলাগৰাকীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে কোনো শুংসূত্ৰ বিচাৰি পোৱা নাই৷

মহিলাগৰাকী এইদৰে নিৰুদ্দেশ হৈ থকাত চিন্তিত হৈ পৰা পৰিয়ালৰ লোকসকলে কোনো সদাশয় ব্যক্তিয়ে যদি কিবা সম্ভেদ পায় তেন্তে জামুগুৰি আৰক্ষী থানাৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

jamugurihat