/asomiyapratidin/media/media_files/2025/04/22/PnFJJMcSMMii9a4AYUD1.jpg)
ডিজিটেল সংবাদ,কামৰূপঃ সোণতলী আউট প'ষ্টৰ অন্তৰ্গত নিজ কাথমিত নাকাচেকিঙৰ সময়ত আটক কৰা দুই ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা বিভিন্ন তথ্য লাভ কৰিছে আৰক্ষীয়ে। প্ৰাথমিক তদন্তৰ পাছত অভিযুক্ত নাওছাদ আলীয়ে আৰক্ষীক প্ৰকাশ কৰা তথ্য অনুসৰি, এই ব্যৱসায়ৰ সৈতে মৰ্জিনা আখতাৰ নামৰ এগৰাকী মহিলাও জড়িত।
এই তথ্যৰ ভিত্তিত আৰক্ষীৰ দলটো জোৰশিমলু আৰক্ষী চকীত উপস্থিত হয়। তাৰ পিছত জোৰশিমলু থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সৈতে দলটোৱে আমি মৰ্জিনা আখতাৰৰ ঘৰত তালাচী চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰে।
জব্দাকৃত সামগ্ৰীখিনি ক্ৰমে- ১০০ গ্ৰাম ওজনৰ ৮০ টা হেৰ'ইন ভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰ, ৬০ টা খালী কন্টেইনাৰসহ ৫ টা মোবাইল ফোন। আৰক্ষীয়ে সাক্ষীৰ উপস্থিতিত সকলো সামগ্ৰী জব্দ কৰা লগতে অভিযুক্ত মৰ্জিনা আখতাৰক গ্ৰেপ্তাৰ কৰি সোণতলী আউট প'ষ্টলৈ লৈ আনে। উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।