ঢকুৱাখনাত পানীত পৰি মহিলাৰ অকাল মৃত্যু...

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত পানীত পৰি মহিলাৰ অকাল মৃত্যু...

ঢকুৱাখনাত পানীত পৰি মহিলাৰ অকাল মৃত্যু

ডিজিটেল সংবাদ ঢকুৱাখনা: ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত কঁঠালগুৰি মিচিং গাঁৱৰ হাৰ্হি নৈত পৰি শনিবাৰে পুৱা এগৰাকী মহিলাৰ অকাল বিয়োগ ঘটে। ঘটনাৰ বিৱৰণি মতে গাঁওখনৰ উমেশ টাৱৰ পত্নী তৰা মণি টাৱ (৪৫) সমীপৰ  হাৰ্হি নৈত মাছ মাৰিবলৈ যোৱা অবস্থাত হঠাৎ নৈত ডুবি যায় ।

Advertisment

পাছত নিখোজ মহিলা গৰাকীৰ সন্ধানত পৰিয়ালৰ লোকে সন্ধান চলাই মৃত অৱস্থাত উদ্ধাৰ কৰে । এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাক অৱগত কৰাত উপ-পৰিদর্শক গৌতম দত্তই মৃতদেহতো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যবস্থা গ্ৰহণ কৰিছে ।

assam অসম DHOKUAKHANA