মেঘালয়ৰ আগ্ৰাসনক কেন্দ্ৰ কৰি মহিলাক মাৰধৰ...

author-image
Asomiya Pratidin
New Update
মেঘালয়ৰ আগ্ৰাসনক কেন্দ্ৰ কৰি মহিলাক মাৰধৰ...

boko

ডিজিটেল সংবাদ বকো : মেঘালয়ৰ আগ্ৰাসনক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে বকো । বকো থানাৰ অন্তৰ্গত গাৰোজানীগাঁৱৰ মহিলা এগৰাকীক অসম বিদ্বেষী চক্ৰএটাই মেঘলয়ক সমৰ্থন নকৰাৰ বাবেই মাৰপিট কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

Advertisment

ঘটনাৰ বিৱৰণী মতে অসম-মেঘালয় সীমান্তৰ পৰা বকো থানাৰ অন্তৰ্গত প্ৰায় ৮ কিলোমিটাৰ ভিতৰৰ গাৰোজানী গাঁৱখনৰ ফ্লৰা চাংমা (৪৫) নামৰ মহিলাগৰাকীক শুকুৰবাৰে নিশা জীয়ৰীৰ ঘৰৰ পৰা নিজ গৃহলৈ গৈ থকা অৱস্থাত বাটভেটি ধৰি স্ক্ৰীমচন চাংমা নামৰ অসম বিদ্বেষী লোকগৰাকীয়ে অসমৰ সলনি মেঘালয়ক কিয় সমৰ্থন কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে ।

কিন্ত মহিলাগৰাকী যিহেতু অসমৰ বাসিন্দা সেইবাবে কোনো কাৰণতে মেঘালয়ক সমৰ্থন নকৰে বুলি উত্তৰ দিয়ে । ফলত দুয়োৰে মাজত তৰ্ক-বিতৰ্ক হয় । সেই তৰ্ক-বিতৰ্কই চূড়ান্ত পৰ্যায় পায় ।

অসম বিদ্বেষী লোকগৰাকী অধিক খৰ্গহস্ত হৈ পৰে আৰু ফ্লৰা চাংমাক বেয়াকৈ মাৰধৰ কৰে । অসম বিদ্বেষী লোকগৰাকীৰ আক্ৰমণত মহিলাগৰাকী মুখমণ্ডল, পিঠিকে ধৰি শৰীৰৰ বিভিন্ন অংগত বেয়াকৈ আঘাত পাইছে ।

মহিলাগৰাকীয়ে আত্মৰক্ষাৰ বাবে সেই ঠাইৰ পৰা দৌৰি পলাই ঘৰলৈ যায় যদিও আন চাৰিগৰাকী অসম বিদ্বেষী লোকৰ লগ লাগি স্ক্ৰীমচন চাংমাই ঘৰলৈ গৈ আক্ৰমণ কৰে ।লগে লগে গাঁৱখনত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয় ।

সেই হুলস্থুল শুনি ওচৰ-চুবুৰীয়া ওলাই অহাত অসম বিদ্বেষী চক্ৰটোৱে মহিলাগৰাকীৰ ঘৰৰ পৰা গুছি যায় । শনিবাৰে ফ্লৰা চাংমা আৰু মহিলাগৰাকীৰ আত্মীয়-স্বজনে অসম বিদ্বেষী চক্ৰটোৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবীত এজাহাৰ দাখিল কৰিবলৈ বকো থানাত উপস্থিত হৈছে ।

জানিবপৰা মতে মেঘালয়ৰ আগ্ৰাসনক কেন্দ্ৰ কৰি গাঁৱখনত অশান্তিৰ সৃষ্টি নোহোৱাৰ স্বাৰ্থত বকো আৰক্ষীয়ে দুয়োপক্ষকে মিলাই দিয়াৰ এক পদক্ষেপ গ্ৰহণ কৰিছে । উল্লেখযোগ্য যে, মেঘালয়ৰ আগ্ৰাসনক কেন্দ্ৰ কৰি বকোৰ মালাং, হাহিম , লাম্পি আৰু উকিয়ামত অসম বিদ্বেষী চক্ৰই প্ৰায়ে অসমৰ বাসিন্দাক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছে ।

অসম আৰু মেঘালয় ৰাজ্যৰ চৰকাৰ-প্ৰশাসনৰ মাজত মীমাংসাৰ বাবে আলোচনা চলি থকা দেখা গৈছে যদিও বাস্তৱত সীমামূৰীয়া ঠাইবোৰ মেঘালয়ৰ আগ্ৰাসনক কেন্দ্ৰ কৰি এনেধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হৈ আহিছে ।

BOKO