জামুগুৰিহাটৰ মৰণাকুৰি ঘাহিগাঁৱত পহু উদ্ধাৰ....

মৰণাকুৰি ঘাহিগাঁৱত মঙলবাৰে এটা পহু উদ্ধাৰ কৰা হয়। পহুটোক কুকুৰে খেদি থকা অৱস্থাত দেখি গাঁওখনৰে যুৱক বিভূতি হাজৰিকাই স্হানীয় ৰাইজৰ সহযোগত কুকুৰৰ পৰা ৰক্ষা কৰি আঘাতপ্ৰাপ্ত পহুটিক কৌশলেৰে উদ্ধাৰ কৰে।

author-image
Asomiya Pratidin
New Update
00

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ মৰণাকুৰি ঘাহিগাঁৱত মঙলবাৰে এটা পহু উদ্ধাৰ কৰা হয়। পহুটোক কুকুৰে খেদি থকা অৱস্থাত দেখি গাঁওখনৰে যুৱক বিভূতি হাজৰিকাই স্হানীয় ৰাইজৰ সহযোগত কুকুৰৰ পৰা ৰক্ষা কৰি আঘাতপ্ৰাপ্ত পহুটিক কৌশলেৰে উদ্ধাৰ কৰে।


এই বিষয়ে লগে লগে বনবিভাগক খৱৰ দিয়ে৷পিছত ডিপলোঙা বনাঞ্চলিক বিষয়াসহ বনকৰ্ম্মীৰ দল গাঁওখনত উপস্থিত হৈ পহুটি চমজি লৈ যায়৷ বন বিষয়া গৰাকীয়ে কয় যে আঘাতপ্ৰাপ্ত পহুটোক প্ৰাথমিক চিকিৎসা কৰি কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাত এৰি দিয়াৰ ব্যাৱস্হা কৰিব৷ 

প্ৰকৃতিপ্ৰেমী যুৱক বিভুতি হাজৰিকা আৰু ৰাইজৰ বন্যপ্ৰাণী প্ৰেমক সকলোশ্ৰেণীৰ প্ৰকৃতিপ্ৰেমী ৰাইজে ভূয়সী প্ৰশংসা কৰিছে৷

জামুগুৰিহাট