Withdrawal of services- আজি পুৱা ৬বজাৰ পৰা দেশজুৰি চিকিৎসকৰ কৰ্মবিৰতি...

Withdrawal of services- আজি পুৱা ৬বজাৰ পৰা দেশজুৰি চিকিৎসকৰ কৰ্মবিৰতি...
Published on
Updated on

ডিজিটেল ডেস্কঃ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজত সংঘটিত হোৱা নৃশংস ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ আৰু চিকিতৎসকৰ নিৰাপত্তা বিচাৰি আজি পুৱা ৬বজাৰ পৰা দেশজুৰি আৰম্ভ হৈছে চিকিৎসকৰ কৰ্মবিৰতি।

চিকিৎসকসকলৰ সৰ্ববৃহৎ সংগঠন ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে (IMA) ঘোষণা কৰা এই কাৰ্যসূচীলৈ দেশৰ প্ৰায় সকলো চৰকাৰী-বেচৰকাৰী হস্পাতালত নিয়োজিত চিকিৎসকসকলে সমৰ্থন জনাইছে।

শনিবাৰে পুৱা ৬ বজাৰ পৰা দেওবাৰে পুৱা ৬ বজালৈ দেশজুৰি কৰ্মবিৰতি বা ‘Withdrawal of services’ ৰূপায়ন কৰিব আইএমএ-ই। সংগঠনৰ ফালৰ পৰা জনোৱা হৈছে যে আপাতকালীন সেৱাৰ বাদে এই ২৪ ঘণ্টাত আন সকলো সেৱা প্ৰদানৰ পৰা বিৰত থাকিব চিকিৎসকসকল।

আনকি এই সময়চোৱাত নিয়মীয়া অ’পিডি আৰু নিৰ্বাচিত অস্ত্ৰোপচাৰৰ কামো কৰা নহ’ব। যোৱা বুধবাৰে নিশা আৰ জি কৰ হাস্পতালত আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত আজি জৰুৰী বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে।

চিকিতসকৰ এই কৰ্মবিৰতিৰ প্ৰভাৱ অসমতো ৰূপায়িত হৈছে। অসমতো প্ৰায়কেইখন মুখ্য হস্পাতালত চিকিৎসকসকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰিছে। অসমত ঠায়ে ঠায়ে শুকুৰবাৰে সন্ধিয়া একাংশ চিকিৎসকে সমদলো বাহিৰ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in