/asomiyapratidin/media/media_files/2025/06/12/GQF7FhoHIicdkomWM4U8.jpeg)
ডিজিটেল সংবাদ তেজপুৰঃ সাংস্কৃতিক নগৰী তেজপুৰত শিক্ষা জেহাদ! হোষ্টেলৰ কোঠাত গো-মাংস ভক্ষণৰ লগতে অধ্যয়নৰ নামত শিক্ষাৰ্থীক দিয়া হয় নামাজৰ শিক্ষা। তাৰোপৰি শিক্ষাৰ নামত শিক্ষাৰ্থীক ধৰ্মান্তকৰণৰ অপচেষ্টাতো লিপ্ত হোৱাৰ মুকলি অভিযোগ উত্থাপন হৈছে তেজপুৰৰ এখন শিক্ষানুষ্ঠানৰ বিৰুদ্ধে।
তেজপুৰৰ পৰোৱাস্থিত উইছদম ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বিৰুদ্ধে উত্থাপিত হৈছে এই শিক্ষা জেহাদৰ অভিযোগ। বিদ্যালয়খনৰ এগৰাকী ছাত্ৰীয়ে বিদ্যালয়খনৰ হোষ্টেলত চলি থকা বেআইনী আৰু সমাজবিৰোধী এনে কিছু কৰ্মকাণ্ডৰ কথা পোহৰলৈ আনিছে।
শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ এইগৰাকী ছাত্ৰীয়ে জনোৱা মতে,বিদ্যালয়খনৰ হোষ্টেলৰ কোঠাত একেলগে থাকে হিন্দু আৰু ইছলাম ধৰ্মাৱলম্বী ছাত্ৰী। সেই হোষ্টেলৰ কোঠাতে মুছলমান শিক্ষাৰ্থীসকলে গো-মাংস ভক্ষণ কৰে।
সময়ে সময়ে হোষ্টেলৰ শিক্ষাৰ্থীসকলক দিয়া হয় কোৰানৰ শিক্ষা। এনে পৰিস্থিতিত আতংকিত হৈ এই ছাত্ৰীগৰাকীয়ে বিদ্যালয় ত্যাগ কৰিবলৈ বিচৰাত বিদ্যালয় কৰ্তৃপক্ষই অভিভাৱকৰ ওপৰত দিছে আৰ্থিক হেঁচা।
বিদ্যালয়খনৰ এনে কাৰ্যকলাপত শাৰিৰীক আৰু মানসিক ভাৱে ভাঙি পৰিছে ছাত্ৰীগৰাকীৰ লগতে তেওঁৰ পৰিয়াল। বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ পৰা পোৱা এনে মানসিক চাপৰ বাবেই বিষয়টো ছাত্ৰীগৰাকীৰ অভিভাৱকে অৱগত কৰে শোণিতপুৰ জিলা যুৱ মৰ্চাক।
তাৰ পিছতেই যুৱ মৰ্চাই অভিযোগ কৰিছে তেজপুৰৰ পৰোৱাত শিক্ষাৰ বেপাৰ কৰি প্ৰকাৰন্তৰে ধৰ্মান্তকৰণৰ অপচেষ্টাত লিপ্ত হোৱা উইছদম ছিনিয়ন ছেকেণ্ডেৰী স্কুল কৰ্তৃপক্ষই শিক্ষা জেহাদ আৰম্ভ কৰিছে। এই বিষয়টো পোহৰলৈ অহাৰ পিছতে এতিয়া তেজপুৰৰ লগতে ৰঙাপৰা অঞ্চলটো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।