অৱ্যাহত থাকিব নেকি অপাৰেচন সিন্দূৰ ! সীমান্তৱৰ্তী এলেকাৰ বিদ্যালয় বন্ধ ঘোষণা

ভাৰত- পাকিস্তান সীমান্তৱৰ্তী এলেকাৰ পঞ্জাৱৰ ৬খন জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহ বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। জিলা কেইখন হৈছে- ফিৰোজপুৰ, পাঠানকোট, ফাজিলকা, অমৃতসৰ, গুৰদাসপুৰ আৰু

author-image
Asomiya Pratidin
New Update
অপাৰেচন সিন্দূৰ

ডিজিটেল ডেস্ক : ভাৰত- পাকিস্তান সীমান্তৱৰ্তী এলেকাৰ পঞ্জাৱৰ ৬খন জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহ বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। জিলা কেইখন হৈছে- ফিৰোজপুৰ, পাঠানকোট, ফাজিলকা, অমৃতসৰ, গুৰদাসপুৰ আৰু টাৰ্ণ তৰণ। তাৰোপৰি সকলো আৰক্ষী তথা প্ৰশাসনিক বিষয়াৰ ছুটী বাতিল কৰা হৈছে বুলি চৰকাৰী নিৰ্দেশনাযোগে ৰাজহুৱা কৰে। 

উল্লেখযোগ্য যে, ভাৰত আৰু পাকিস্তানৰ শেহতীয়া পৰিস্থিতি তথা অপাৰেচন সিন্দূৰৰ পাছতে এই নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। যি কোনো মুহূৰ্তে হ’ব পৰা অনাকাঙ্খিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ আৰক্ষীসকলক সষ্টম হৈ থকাৰ বাবে আহ্বান জনোৱা হৈছে। 

একেদৰে ৰাজস্থানৰ সীমান্তৱৰ্তী এলেকাৰ ১০৭০ কিলোমিটাৰ ব্যাসাৰ্ধ সামৰি থকা বিদ্যালয়সমূহ বন্ধ ৰখাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। আনহাতে বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে সকলো ৰাজহুৱা অনুষ্ঠান বাতিল কৰাৰ বাবে নিৰ্দেশনাত উল্লেখ কৰে। পৰৱৰ্তী নিৰ্দেশনা ৰাজহুৱা নকৰালৈকে এই ঘোষণা বাহাল থাকিব।

উল্লেখ কৰা প্ৰয়োজন যে, দুয়োখন ৰাজ্যত প্ৰশাসনিক কাৰণৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীৰ সকলো বিষয়া-কৰ্মচাৰীৰ ছুটী ৭ মে’ৰ পৰা বাতিল কৰা হৈছে বুলি ডি জি পিৰ কাৰ্যালয়ে নিৰ্দেশনা জাৰি কৰে।

punjab