/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ed8cb8d-cf20-408a-b285-836d86be5446/DISPUR_08.jpg)
DISPUR DISPUR
ডিজিটেল ডেস্কঃ দীপাৱলী আৰু কালী পূজা উপলক্ষে ৰাজ্যৰ কেইবাখনো জিলা প্ৰশাসনে স্থানীয় বন্ধ ঘোষণা নকৰাত বিভ্ৰান্তিত পৰিছে চৰকাৰী বিষয়া কৰ্মচাৰী। কামৰূপ মেট্ৰ'কে ধৰি ৫/৬ খন জিলাৰ উপায়ুক্তই মঙ্গলবাৰে স্থানীয় বন্ধ ঘোষণা কৰিছে।
কিন্তু যথেষ্ট সংখ্যক জিলাৰ উপায়ুক্তই মঙ্গলবাৰে দিনটোত স্থানিয় বন্ধ ঘোষণা নকৰাত মঙ্গলবাৰে স্থানীয় কাৰ্যালয় বন্ধ হ'বনে নাই তাক লৈ নিশ্চিত হ'ব পৰা নাই। অৱশ্যে শিক্ষানুষ্ঠানসমূহ কাইলৈ ৰাজ্যজুৰি বন্ধ থাকিব।
ইয়াৰ বিপৰীতে চৰকাৰী কাৰ্যালয়সমূহ বন্ধ নে খোলা সেয়া নিশ্চিত নোহোৱাত বিপাঙত পৰিছে কৰ্মচাৰীসকল। ৰাজ্যৰ গৃহবিভাগৰ এক সূত্ৰৰ সৈতে এই সন্দৰ্ভত যোগাযোগ কৰাত বিষয়টোৰ সন্দৰ্ভত তেওঁ স্পষ্টকৈ কোনো উত্তৰ দিব নোৱাৰিলে।
সাধাৰণতে বন্ধ থাকে বুলি উল্লেখ কৰিলেও যোগাযোহীনতাৰ বাবে বন্ধ হ'ব নে নহয় তাক লৈ কোনো স্পষ্ট উত্তৰ দিব নোৱাৰিলে সূত্ৰটোৱে। ৰাজ্যৰ চৰকাৰী বিষয়া কৰ্মচাৰীসকলে সেয়ে বিষয়টোৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰাৰ দাবী জনাইছে।