Advertisment

হাছিনাক বিচাৰিছে বাংলাদেশে! কিন্তু কি কৰিব ভাৰতে...

ভাৰতত আশ্ৰয় লৈ থকা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক পুনৰ দেশলৈ প্ৰত্যাৰ্পনৰ বাবে ভাৰত চৰকাৰলৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে বাংলাদেশ চৰকাৰে। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
4

ddd

ডিজিটেল ডেস্কঃ ভাৰতত আশ্ৰয় লৈ থকা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক পুনৰ দেশলৈ প্ৰত্যাৰ্পনৰ বাবে ভাৰত চৰকাৰলৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে বাংলাদেশ চৰকাৰে।  বাংলাদেশ চৰকাৰ তৰফৰ পৰা প্ৰেৰণ কৰা এই পত্ৰত উল্লেখ কৰা হৈছে যে, বাংলাদেশত হাছিনাৰ বিৰুদ্ধে চলি থকা ভিন্ন গোচৰৰ ন্যায়িক প্ৰক্ৰিয়াত সহযোগ কৰা উদ্দেশ্যৰে হাছিনাক বাংলাদেশলৈ প্ৰত্যাৰ্পন কৰাতো অতিকৈ জৰুৰী। গতিকে ভাৰত চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাটো উচিত।

Advertisment

বাংলাদেশৰ ইউনুছ চৰকাৰে লগতে যুক্তি দৰ্শাইছে যে, শ্বেইখ হাছিনাক প্ৰত্যাৱৰ্তনৰ বাবে ভাৰতে ২০১৩ আৰু ২০১৮ ভাৰত-বাংলাদেশ প্ৰত্যাৱৰ্তন চুক্তিক অনুসৰণ কৰিব লাগে। কিন্তু এই ক্ষেত্ৰতো ভাৰতৰ হাতত আছে এক বিশেষ উপায়। 

কূটনৈতিক বিশ্লেষকসকলে সদৰি কৰা অনুসৰি, চুক্তি সম্পাদিত হলেও সেই চুক্তিতে উল্লেখ আছে অস্বাভাৱিক পৰিস্থিতিত কোনো লোকক কোনো এখন দেশলৈ প্ৰত্যাৰ্পন কৰা নকৰা বিষয়টো এখন দেশে সিদ্ধান্ত লব পাৰে। গতিকে শ্বেইখ হাছিনাৰ ক্ষেত্ৰতো ভাৰতে নিজাববীয়াকৈ এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। 

এই বিষয়টোক লৈ শেহতীয়াকৈ বিদেশ মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিশেষজ্ঞ স্বৰ্ণ সিঙেও নিজৰ মত দাঙি ধৰিছে। তেওঁৰ মতে, এখন দেশত যেতিয়ালৈকে স্বাভাৱিক পৰিস্থিতি ঘূৰি অহা বুলি বিপৰীত দেশখনে মানি নলয়, তেতিয়ালৈকে কোনো লোকক প্ৰত্যাৰ্পন কৰা, নকৰা বিষয়টোৰ ক্ষেত্ৰত ব্যক্তিজনে আশ্ৰয় লৈ থকা দেশখনে সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰ আছে। চুক্তি অনুসৰিয়েই এই অধিকাৰ প্ৰদান কৰা হৈছে বুলি দাবী কৰিছে বিশেষজ্ঞগৰাকীয়ে।

শেহতীয়াকৈ চলা চৰ্চা অনুসৰি, ভাৰত শ্বেইখ হাছিনাৰ বাবে তৃতীয়খন দেশৰো সন্ধানত আছে।  শ্বেইখ হাছিনাক আশ্ৰয় দিয়াৰ উদ্দেশ্যেৰে কেইবাখনো দেশৰ সৈতে ইতিমধ্যে প্ৰাৰম্ভিক আলোচনাত মিলিত হোৱাৰ তথ্যও কিছু কিছু সংবাদমাধ্যমে সদৰি কৰিছে। এনে হ'লে, অচিৰেই শ্বেইখ হাছিনাৰ ঠিকনা হব পাৰে ভাৰতৰ বাদে অন্য এখন দেশ। 

 

 

 

ভাৰত