দিল্লীত কেজৰিৱালৰ উত্তৰাধিকাৰী হ'ব কোন? বিজেপিয়ে সকলোকে কৰিব অবাক...

দিল্লীত কোন হ'ব নতুন মুখ্যমন্ত্ৰী! সকলোৱে ভাৱি থকাৰ দৰে চৰ্চাত থকা সকলৰ ভিতৰতে কোনোবা এগৰাকীক বিজেপিৰ নেতৃত্বই গতাব নেকি মুখ্যমন্ত্ৰীৰ চকীখন। দিন যিমানেই বাগৰিছে, সিমানেই ধুৱলী

author-image
Asomiya Pratidin
New Update
দিল্লীৰ নতুন মুখ্যমন্ত্ৰী

দিল্লীৰ নতুন মুখ্যমন্ত্ৰী

ডিজিটেল ডেস্কঃ দিল্লীত কোন হ'ব নতুন মুখ্যমন্ত্ৰী! সকলোৱে ভাৱি থকাৰ দৰে চৰ্চাত থকা সকলৰ ভিতৰতে কোনোবা এগৰাকীক বিজেপিৰ নেতৃত্বই গতাব নেকি মুখ্যমন্ত্ৰীৰ চকীখন। দিন যিমানেই বাগৰিছে, সিমানেই ধুৱলী-কুঁৱলী হৈছে দিল্লীৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনকেন্দ্ৰিক ছবিখন।

Advertisment

খবৰ ওলাইছে যে, আগন্তুক ১৯ নাইবা ২০ফেব্ৰুৱাৰীত অনুষ্ঠিত হব পাৰে শপত গ্ৰহণ।  যদি এনেকুৱাই হয়, তেন্তে মাজত আছে মাত্ৰ ৫দিন। এই ৫দিনৰ ভিতৰতে দিল্লীয়ে পাব নতুন মুখ্যমন্ত্ৰী। যদিও প্ৰথমে কেজৰিৱালক পৰাস্ত কৰি প্ৰৱেশ বাৰ্মাৰ নাম তীব্ৰ চৰ্চাত আছিল লাহে লাহে সেই চৰ্চাৰ অৱসান ঘটিছে। 

তাৰ পিছতে চৰ্চা লৈ আহিছিল যে, দিল্লীয়ে এইবাৰ পাব মহিলা মুখ্যমন্ত্ৰী। ইয়াৰ বাবে আন ৫গৰাকী মহিলাৰ লগতে সবাতোকৈ চৰ্চালৈ আহিছিল স্মৃতি ইৰানীৰ নাম। কিয়নো ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছত বিজেপিৰ নেতৃত্বই স্মৃতি ইৰানীক দিছিল বিশেষ দায়িত্ব। সেই দায়িত্ব নিষ্ঠাৰে পালন কৰাৰ পাছত দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ বাবে চৰ্চালৈ আহিছিল স্মৃতি ইৰানীৰ নাম।

কিন্তু শেহতীয়াকৈ এই দুয়োগৰাকী নেতাক মুখ্যমন্ত্ৰীত্বৰ দৌৰৰ পৰা বাহিৰ কৰিছে বিজেপি নেতৃত্বই। বৰ্তমান চৰ্চালৈ আহিছে বিজেপিৰ ৰেখা গুপ্তা, শিখা ৰায়, মোহন সিং বিষ্ট, বিজেন্দ্ৰ গুপ্তা, সতীশ উপাধ্যায়. আশীষ ছুদ আৰু পৱন শৰ্মাৰ দৰে নেতাৰ নাম।

ৰাজনৈতিক বিশ্লেষকসকলে মতপোষণ কৰিছে যে, যিকোনো মূৰ্হূততে চৰ্চাত নথকা এগৰাকী নেতাৰ নাম ঘোষণা কৰি সকলোকে অবাক কৰিব পাৰে বিজেপি নেতৃত্বই।  চৰ্চালৈ অহা ৰেখা গুপ্তা তৃতীয়বাৰৰ বাবে বিধায়িকা নিৰ্বাচিত হৈছে । আনফালে ষষ্ঠবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছে মোহন সিং বিষ্ট।

দিল্লী বিজেপিৰ প্ৰাক্তন সভাপতি তথা ৩বাৰৰ বিধায়ক বিজেন্দ্ৰৰ গুপ্তাৰ মূৰতো বিজেপিৰ হাইকামাণ্ডে হাত থব পাৰে। দিল্লী বিজেপিৰ প্ৰাক্তন সভাপতি সতীশ উপাধ্যায় হৈছে অমিত শ্বাহৰ ঘনিষ্ঠ। গতিকে সকলোফাৰ পৰা মিলাই তেওঁৰো কপাঁল ফুলিব পাৰে এইবেলি।

মুঠৰ ওপৰত এতিয়া ধুৱলী-কুৱলী দিল্লীৰ মুখ্যমন্ত্ৰী নিৰ্বাচনৰ প্ৰেক্ষাপট। সকলো ঠিকে ঠাকে থাকিলে অহা ৫দিনৰ ভিতৰত দিল্লীয়ে পাব নতুন মুখ্যমন্ত্ৰী। 

দিল্লী