কি হৈছিল কাজিৰঙাত? মোনা বিলত কেনেকৈ উপঙি উঠিল ছটাকৈ বনৰীয়া ম’হ...

এক অনাকাংশিত ঘটনা সংঘটিত হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মোনা বিলত উদ্ধাৰ হৈছে ছটাকৈ বনৰীয়া ম’হৰ মৃতদেহ। 

author-image
Tushar Pratim
New Update
কি হৈছিল কাজিৰঙাত?  মোনা বিলত কেনেকৈ উপঙি উঠিল ছটাকৈ বনৰীয়া ম’হ...

ডিজিটেল ডেস্কঃ এক অনাকাংশিত ঘটনা সংঘটিত হল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত। বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মোনা বিলত উদ্ধাৰ হৈছে ছটাকৈ বনৰীয়া ম’হৰ মৃতদেহ। 

Advertisment

বুধবাৰে বিয়লি বন কৰ্মীয়ে উক্ত অঞ্চলটোত তহল দিবলৈ যোৱাৰ সময়তে একেলগে ছটাকৈ ম’হৰ মৃতদেহ প্ৰত্যক্ষ কৰে। তাৰ পিছতে সৃষ্টি হয় চাঞ্চল্যৰ। এই চাঞ্চল্যকৰ ঘটনা সন্দৰ্ভত বন কৰ্মীৰ দলটোৱে উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ এটা উচ্চ পদস্থ বিষয়াৰ লগতে চিকিৎসকৰ দল। 

আজি ঘটনা সন্দৰ্ভত কাজিৰঙাৰ বন সংমণ্ডল প্ৰাধিকাৰী অৰুণ ভিগনেছে জানিবলৈ দিয়া মতে বিলৰ মাজত মৃত অৱস্থাত উদ্ধাৰ হোৱা ম’হ কেইটাৰ ভিতৰত দুটা মতা আৰু বাকী চাৰিজনী মাইকী ম’হ। 

তেওঁ বৰ্তমানলৈকে ম’হ কেইটাৰ কিদৰে মৃত্যু হ’ল সেই সন্দৰ্ভত সঠিক কাৰণ জানিব পৰা হোৱা নাই বুলিও প্ৰকাশ কৰিছে। তেওঁ জনোৱা অনুসৰি ম’হ কেইটা উদ্ধাৰ হোৱা স্থানৰ পৰিবেশ, পৰিস্থিতি অনুসৰি ব্ৰজপাতৰ ফলতে ম’হ কেইটাৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।

এই ঘটনাৰ তদন্তৰ বাবে ইতিমধ্যে চাৰিজনীয়া পশু চিকিৎসকৰ এটা তদন্তকাৰী দল গঠন কৰা হৈছে। তাৰোপৰি ম’হ কেইটাৰ মৰণোত্তৰ পৰীক্ষাও সম্পন্ন কৰা হৈছে। 

ঘটনাস্থলীত উপস্থিত হোৱা পশু চিকিৎসকৰ মতে ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত তেওঁলোকে দুটা ম’হৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছে আৰু বাকী চাৰিটা ম’হৰ আংশিক পৰীক্ষা কৰিছে। তেওঁলোকেও এই ম’হ কেইটাৰ মৃত্যুৰ কাৰণ ব্ৰজপাত বুলিয়েই সন্দেহ কৰিছে। অৱশ্যে ম’হ কেইটাৰ দেহৰ পৰা সংগ্ৰহ কৰা নমুনা পৰীক্ষাৰ অন্ততহে এই বিষয়ে স্পষ্ট হ’ব।

কাজিৰঙা বনৰীয়া ম'হ