জামুগুৰিহাটত জাকে জাকে বন্যহস্তীয়ে কৰিছে সন্ত্ৰাস : প্ৰতিৰোধত ব্যৰ্থ বন বিভাগ

জামুগুৰিহাটৰ পানপুৰঘাটৰ কৃষি পথাৰত বন্যহস্তীয়ে চলাইছে ধাৰাবাহিক সন্ত্ৰাস। ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ পৰা নিশাৰ ভাগত খাদ্যৰ সন্ধানত ওলাই অহা শ শ বনৰীয়া হাতীৰ জাকে নষ্ট কৰিছে আলু, বেঙেনা, মটৰ, সৰিয়হকে ধৰি বিভিন্ন খেতিৰ শস্য

author-image
Asomiya Pratidin
New Update
dzbh

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ পানপুৰঘাটৰ কৃষি পথাৰত বন্যহস্তীয়ে চলাইছে ধাৰাবাহিক সন্ত্ৰাস। জাক জাক বন্যহস্তীয়ে তহিলং কৰিছে কৃষক ৰাইজৰ খেতি। 

Advertisment

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ পৰা নিশাৰ ভাগত খাদ্যৰ সন্ধানত ওলাই অহা শ শ বনৰীয়া হাতীৰ জাকে নষ্ট কৰিছে আলু, বেঙেনা, মটৰ, সৰিয়হকে ধৰি বিভিন্ন খেতিৰ শস্য। পকা ধানৰ পিছত এইবাৰ আলু , বেঙেনা , মটৰ আৰু সৰিয়হ আদিৰ খেতিতো বন্যহস্তীৰ উপদ্ৰৱে চিন্তিত কৰি তুলিছে কৃষক ৰাইজক ।

যাৰ বাবে ইয়াৰ পৰিত্ৰাণ বিচাৰি নেদেখাজনৰ ওচৰত দুই হাত মেলিছে অঞ্চলটোৰ দৰিদ্ৰ ৰাইজে ৷ বনাঞ্চলৰ পৰা আহি জনাঞ্চলত প্ৰবেশ কৰি উপদ্ৰৱ অব্যাহত ৰখা জাক জাক বনৰীয়া হাতী প্ৰতিৰোধৰ ক্ষেত্ৰত বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । 

উল্লেখ্য যে ইয়াৰ সমীপৰ ডিপলোঙা আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ৰ বনকৰ্মী আৰু বিষয়াগাৰকীয়ে কৃষক ৰাইজৰ সমস্যাৰ বুজ লৈ বনৰীয়া হাতী খেদাৰ ব্যৱস্থা কৰা অথবা হাতীৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ পৰিবৰ্তে সম্প্ৰতি কুম্ভকৰ্ণ নিদ্ৰাত হে মগ্ন হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে দুৰ্ভগীয়া কৃষক ৰাইজে ৷

jamugurihat Wild elephanat