জামুগুৰিহাটত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ, নষ্ট কৃষকৰ শস্য...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ পৰা নিশাৰ ভাগত ওলাই অহা বনৰীয়া হাতীৰ জাকে তহিলং কৰিছে কৃষকৰ বড়ো ধানৰ কঠিয়া। 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ দক্ষিণ অঞ্চলত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। অঞ্চলটোৰ খলিহামাৰিত বনৰীয়া হাতীয়ে নষ্ট কৰিছে বড়ো ধানৰ কঠিয়া। 

উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ পৰা নিশাৰ ভাগত ওলাই অহা বনৰীয়া হাতীৰ জাকে তহিলং কৰিছে কৃষকৰ বড়ো ধানৰ কঠিয়া। 

অঞ্চলটোত সঘনাই চলা বন্যহস্তী উপদ্ৰৱে চিন্তিত কৰি তুলিছে কৃষক ৰাইজক।অকল বড়ো ধানৰ খেতিয়েই নহয় বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাইছে অঞ্চলটোৰ সৰিয়হ খেতিৰ ওপৰতো।

বন্যহস্তীৰ তাণ্ডৱ