পর্বতঝোৰাত বন্যহস্তীৰ মুক্ত বিচৰণ

পর্বতঝোৰাত মহামায়া সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহিছে বন্যহস্তীৰ এটা জাক। মাক্ৰীঝোৰা গ্ৰীণ যুটীয়া বন পৰিচালনা সমিতিৰ অমৃত সৰোবৰ পুখুৰীৰ পাৰত মুক্ত বিচৰণ কৰে বন্যহস্তীৰ জাকটোৱে

author-image
Asomiya Pratidin
New Update
uuuuuuuuuuuu

ডিজিটেল সংবাদ, পর্বতঝোৰাঃ পর্বতঝোৰাত মহামায়া সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহিছে বন্যহস্তীৰ এটা জাক। মাক্ৰীঝোৰা গ্ৰীণ যুটীয়া বন পৰিচালনা সমিতি (JFMC)ৰ অমৃত সৰোবৰ পুখুৰীৰ পাৰত মুক্ত বিচৰণ কৰে বন্যহস্তীৰ জাকটোৱে।

উল্লেখযোগ্য যে, গ্ৰীণ যুটীয়া বন পৰিচালনা সমিতিৰ পুখুৰীৰ পাৰত থকা দুটা সৌৰ শক্তিৰ লাইট ভাঙি তচনচ কৰিছে এই হাতীৰ জাকটোৱে। ইফালে বন্যহস্তীৰ যাকটো বনাঞ্চললৈ খেদি পঠিয়াবলৈ বনকৰ্মী দল আহি উপস্থিত হৈ তিনিটাকৈ হাতী খেদিবলৈ সক্ষম হয় যদিও এটা হাতী দীৰ্ঘ সময়লৈকে JFMCৰ কাষতে ৰৈ যায়। পিছে হাতীটোক স্থানীয় ৰাইজে খাদ্য যোগান ধৰাৰ পিছত শান্ত সমাহিতভাৱে জনাঞ্চলত প্ৰৱেশ কৰে।

বন্যহস্তী পর্বতঝোৰা