পানীপোটা চাহ বাগিছাত বন্যহস্তীৰ উপদ্ৰৱঃ ভাঙিলে ৫ টাকৈ বাসগৃহ

বন্যহস্তীয়ে ৰঙাপৰাৰ পানীপোটা চাহ বাগিছাৰ ৯ নং লাইনত প্ৰৱেশ কৰি জুলীয়া লাক্ৰা,আনন্দী ভূঞা ,ফুলমনি টপ্ন, কুইলী মুন্দা, আৰু মাৰ্কাচ চাংগা নামৰ ব্যক্তিকেইজনৰ ৫টাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে

author-image
Asomiya Pratidin
New Update
t

ডিজিটেল সংবাদ,জামুগুৰিহাট: শোণিতপুৰৰ ৰঙাপৰাৰ বিভিন্ন স্থানত বৰ্তমানেও অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা দুটা বনৰীয়া হাতীয়ে ৰঙাপৰাৰ পানীপোটা চাহ বাগিছাৰ ৯ নং লাইনত প্ৰৱেশ কৰি জুলীয়া লাক্ৰা,আনন্দী ভূঞা ,ফুলমনি টপ্ন, কুইলী মুন্দা, আৰু মাৰ্কাচ চাংগা নামৰ ব্যক্তিকেইজনৰ ৫টাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে লগতে চাউল খায় নষ্ট কৰে।পিছত ৰাইজে কোনোমতে হাতীকেইটা খেদি পথিয়াবলৈ সক্ষম হয়।বনবিভাগৰ লোকক খৱৰ দিয়াৰহপিছতো উপস্থিত নহল৷

বন্যহস্তী