/asomiyapratidin/media/media_files/2025/07/05/pppppppppppppppppp-2025-07-05-18-59-39.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটত বনৰীয়া হাতীৰ মুক্ত বিচৰণৰ ফলত আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। বিশেষকৈ জামুগুৰিহাটৰ উত্তৰ অঞ্চলৰ বামুণীপামত বিগত তিনিদিন ধৰি এটি ৩০/৪০জনীয়া হাতীৰ জাকক বিচৰণ কৰি থকা দেখি দতিকাষৰীয়া গাঁও সমুহৰ ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
উল্লেখযোগ্য যে, নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতীৰ জাকে দীৰ্ঘদিন ধৰি অঞ্চলটোত উপদ্ৰৱ চলাই আহিছে। এই সন্দৰ্ভত বনবিভাগৰ লোকক অৱগত কৰিও ৰাইজে সুফল লাভ কৰা নাই। বনৰীয়া হাতীৰ জাকটোৰ বিচৰণত শংকিত হৈ পৰা ৰাইজে অঞ্চলটোৰ দ্বায়িত্বত থকা ডিপলোঙা বনাঞ্চলিক কাৰ্য্যালয়ৰ বনবিষয়া আৰু বনকৰ্মী সকলক অতি শীঘ্ৰে বনৰীয়া হাতীৰ জাকটোক খেদি পঠিয়াবলৈ দাবী জনাইছে।