/asomiyapratidin/media/media_files/2025/05/20/KgRRffuUh1vdNy4mH2r9.jpg)
বন্যহস্তীৰ উপদ্ৰৱঃ তহিলং কৰিছে বড়ো ধানৰ খেতি
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ পানপুৰঘাটত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস। বড়ো ধানৰ খেতিৰ ওপৰত বনৰীয়া হাতীয়ে চলাইছে উপদ্ৰৱ। নিশাৰ ভাগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে অঞ্চলটোৰ পথাৰত প্ৰৱেশ কৰি লহপহকৈ বঢ়ি অহা বড়ো ধানৰ খেতি নষ্ট কৰাত চিন্তিত হৈ পৰিছে খেতিয়কসকল।
অকল বড়ো ধানেই নহয় বনৰীয়া হাতীৰ গচকত নষ্ট হৈছে জলকীয়া বেঙেনাকে ধৰি বহুতো খেতি। বনৰীয়া হাতীৰ উপদ্ৰৱত এতিয়া শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। কিন্তু ইমানৰ পাছতো বনৰীয়া হাতীৰ উপদ্ৰৱ প্ৰতিৰোধৰ ব্যৱস্থা কৰা নাই বন বিভাগে ৷