বকোত বনৰীয়া হাতীয়ে ভাঙি লণ্ড ভণ্ড কৰিলে ঘৰ-দুৱাৰ...

হাতীৰ আক্ৰমণত ৰহেশ্বৰ বড়োৰ পত্নী সপোন্তী বড়োৰ ভৰি এখন ভাঙে

author-image
Asomiya Pratidin
New Update
বকোত বনৰীয়া হাতীয়ে ভাঙি লণ্ড ভণ্ড কৰিলে ঘৰ-দুৱাৰ...

boko

ডিজিটেল সংবাদ,বকোঃ কামৰূপ জিলাৰ বকোত বনৰীয়া হাতীয়ে এটা পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । লগতে হাতীৰ আক্ৰমণত পৰিয়ালটোৰ এগৰাকী মহিলা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

Advertisment

ঘটনাৰ বিৱৰণী মতে বকো থানাৰ অন্তৰ্গত চেঁচাপানী গাঁৱত বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ২ বজাত চাৰিটা বনৰীয়া হাতীয়ে ৰহেশ্বৰ বড়ো নামৰ লোকগৰাকীৰ ঘৰ-দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰে ।

পৰিয়ালটোৰ চাৰিগৰাকী সদস্যই ঘৰৰ পৰা দৌৰি পলাই প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও হাতীৰ আক্ৰমণত ৰহেশ্বৰ বড়োৰ পত্নী সপোন্তী বড়োৰ ভৰি এখন ভাঙি যায় । নিশা আশে-পাশে থকা লোকে জুই জ্বলাই, ফটকা ফুটাই বনৰীয়া হাতী চাৰিটাক খেদি পঠিয়াই।

boko
boko

ৰাতিপুৱা সপোন্তী বড়োক ৩০খন বিচনাযুক্ত বকো গ্ৰাম্য চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰা হয় যদিও আঘাত গুৰুতৰ হোৱাত চিকিৎসকে মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পৰামৰ্শ আগবঢ়ায় ।

কিন্তু পৰিয়ালটোৰ টকা-পইচা নথকাত মহিলাগৰাকীক ৩০খন বিচনাযুক্ত বকো গ্ৰাম্য চিকিৎসালয়ৰ পৰা ঘৰলৈ ঘূৰাই নিয়ে ।

আনহাতে সন্ধিয়া ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ফ্লায়লিন আৰ.মাৰাকে দুৰ্ভগীয়া পৰিয়ালটোৰ খা-খবৰ লোৱা বুলি জানিব পৰা গৈছে ।

forest department of assam BOKO