ডিজিটেল সংবাদ, বঢ়মপুৰ, নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত সদৰ বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন বৃহত্তৰ বঢ়মপুৰ অঞ্চলত হাতী-মানুহৰ সংঘাতে সম্প্ৰতি তীব্ৰ ৰূপ ধাৰণ কৰিছে । বিগত এমাহ ধৰি অব্যাহত থকা বন্যহস্তীৰ উপদ্ৰৱৰ মাজতে বৃহত্তৰ অঞ্চলটোৰ গাঁওসমূহত নিশা হ'লেই বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি গঞাৰ নিদ্ৰাহৰণ কৰাৰ লগতে অঞ্চলটোৰ বাসিন্দাসকলৰ বাসগৃহ ভাঙি তচনচ কৰি আহিছে ।
ফলত বৃহত্তৰ অঞ্চলটোৰ গঞাৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে । একাংশ ৰাইজে এতিয়া হাতত যাঠি, জোং, ব'ম- ফটকাৰে প্ৰতিনিশা হাতী খেদাত ব্যস্ত হ'ব লগা হৈছে ।
জানিব পৰা মতে, কন্দলী পাহাৰৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা হাতীৰ জাক এটাৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে শেহতীয়াকৈ বঢ়মপুৰৰ বহুকেইখন গাঁৱত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰি ৰাখিছে। তাৰ ফলস্বৰূপে বনৰীয়া হাতীটোৱে যোৱানিশা বঢ়মপুৰৰ ১ নং ঘোগৰগাঁৱৰ প্ৰফুল্ল হাজৰিকাৰ ভঁৰালঘৰ ভাঙি সাঁচি থোৱা ধান খাই তচনচ কৰাৰ লগতে সেই গাঁৱৰে বাপধন বৰা নামৰ লোকজনৰ গোঁসাইঘৰ ভাঙি লণ্ডভণ্ড কৰে ।
ইয়াৰ উপৰিও বনৰীয়া হাতীটোৱে গাঁওখনৰ প্ৰায় চাৰিগৰাকী লোকৰ চোতাল নাইবা বাৰাণ্ডাত মেলি থোৱা ধান খাই অনিষ্ট কৰে বুলি জানিব পৰা গৈছে । ইফালে বনৰীয়া হাতীটোৱে যোৱানিশা বঢ়মপুৰ বেজৰগাঁওৰ গোলাপ বেজবৰুৱাৰ ভঁৰালগৃহ ভঙাৰ লগতে সেই গাঁৱৰে নৱ বেজবৰুৱাৰ পকী দেৱাল ভাঙি পেলায়।
ইয়াৰ পাছত হাতীটোৱে বঢ়মপুৰ শান্তিবনৰ মুকুন্দ শইকীয়াৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে । বনৰীয়া হাতীটোৱে ওৰেতো নিশা বঢ়মপুৰ তিনিআলি, বেজৰগাঁও, নেধাৰগাঁও , হালোৱাগাঁও, শান্তিবন , ১ নং ঘোগৰগাঁও, ২ নং ঘোগৰগাঁও , শিৱস্থান আদি জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ কৰি পুৱতিনিশালৈকে দেৱাল-বেৰা ভাঙি, বাৰীৰ কলগছ খাই , কৃষিপথাৰৰ বিঘাই বিঘাই ধানখেতি খাই ।
এই বাতৰিলিখা পর্যন্ত দুটা হাতীয়ে ঘোগৰগাঁওৰ জলাহৰ জাৰণিত আৰু আন এটা হাতী মানুহৰ বাৰীত অৱস্থান কৰি আছে । পৰিতাপৰ কথা যে, বনবিভাগৰ লোক বৰ্তমানলৈকে উক্ত স্থানত উপস্থিত হোৱা নাই, যাৰ ফলত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে আৰু তীব্ৰ আতংকৰ মাজত থাকিবলগা হৈছে ।