/asomiyapratidin/media/media_files/2024/12/17/BPEO23i8gWNDVXM9jY8b.jpg)
ডিজিটেল সংবাদ,বঢ়মপুৰ: নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত সদৰ বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন বৃহত্তৰ বঢ়মপুৰ অঞ্চলত হাতী-মানুহৰ সংঘাতে সম্প্ৰতি তীব্ৰ ৰূপ ধাৰণ কৰিছে । বিগত এমাহ ধৰি অব্যাহত থকা বন্যহস্তীৰ উপদ্ৰৱৰ মাজতে বৃহত্তৰ অঞ্চলটোৰ গাঁওসমূহত নিশা হ'লেই বনৰীয়া হাতীয়ে প্ৰৱেশ কৰি গঞাৰ নিদ্ৰাহৰণ কৰাৰ লগতে অঞ্চলটোৰ বাসিন্দাসকলৰ বাসগৃহ ভাঙি তচনচ কৰি আহিছে ।
কন্দলী পাহাৰৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা হাতীৰ জাক এটাৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে শেহতীয়াকৈ বঢ়মপুৰৰ বহুকেইখন গাঁৱত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰি ৰাখিছে ।বনৰীয়া হাতীটোৱে যোৱা নিশা বঢ়মপুৰৰ শিৱস্থান গাঁৱৰ ৰঘুনাথ মাঝি নামৰ ব্যক্তিগৰাকীৰ বাসগৃহ ভাঙি তচনচ কৰে ।
লগতে বঢ়মপুৰ তিনিআলি,বেজৰগাঁও,নেধাৰগাঁও,হালোৱাগাঁও আদি ঘন জনবসতিপূৰ্ণ অঞ্চলত পুৱতি নিশালৈকে হাতীটোৱে প্ৰৱেশ কৰি বিভিন্ন লোকৰ বাসগৃহত সাঁচি থোৱা ধান,বাৰীৰ কলগছ আদি খাই তহিলং কৰে।