ভোকাতুৰ বন্যহস্তীক খাদ্য যোগানৰে সন্তানৰ জন্মদিন পালন...

ভোকাতুৰ বন্যহস্তীক খাদ্য যোগানৰে সন্তানৰ জন্মদিন পালন...

author-image
Asomiya Pratidin
New Update
ভোকাতুৰ বন্যহস্তীক খাদ্য যোগানৰে সন্তানৰ জন্মদিন পালন...

ভোকাতুৰ বন্যহস্তীক খাদ্য যোগানৰে সন্তানৰ জন্মদিন পালন...

ডিজিটেল সংবাদ নুমলীগড়: সমগ্ৰ ৰাজ্যবাসীৰ মাজত ভোগালীৰ আনন্দ উলাহ ৷ ইয়াৰ মাজতে সন্তানৰ জন্মদিন পালনৰ বাবে উলাহ আনন্দ দুগুণে চৰিছে এহাল দম্পত্তিৰ।

Advertisment

এইবাৰ সন্তানৰ জন্মদিন ব্যতিক্ৰমী ৰূপত পালন কৰিছে নুমলীগড় দৈগ্ৰোঙৰ পিংকু শৰ্মাই ৷ তেওঁ বন্য হস্তীক খাদ্য যোগান ধৰি এইবাৰ সন্তানৰ জন্মদিন পালন কৰিছে।

দীৰ্ঘদিনৰ পৰা লেটেকুজান চাহ বাগিচাত এমা দিমা পোৱালীৰ সৈতে আশ্ৰয় লৈ থকা এটা ভোকাতুৰ হাতীৰ জাকক খাদ্য যোগান ধৰি সুখ অনুভৱ কৰিছে পৰিয়ালটোৱে৷

এনে ব্যতিক্ৰমী চিন্তা তথা জন্মদিন পালনত প্ৰত্যক্ষদৰ্শীয়ে শলাগ লৈছে।

ক্লিক কৰি পঢ়কঃ ভয়ংকৰ বিমান দুৰ্ঘটনাঃ ৭২ যাত্ৰীৰ ভিতৰত এই পৰ্যন্ত ৪০ জনৰ মৃতদেহ উদ্ধাৰ...

numaligarh