ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শোণিতপুৰৰ ৰঙাপৰাত বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে এতিয়া উজাগৰি নিশা কটাবলগীয়া হৈছে ৰাইজে ৷ কাৰণ ৰঙাপৰাৰ চৌদিশে এতিয়া কেৱল হাতী আৰু হাতী ৷ কি চাহ বাগিচা কি গাঁও সকলোতে এতিয়া মুক্তভাৱে বিচৰণ কৰিছে বন্যহস্তীয়ে ৷
খাদ্যৰ সন্ধানত বনাঞ্চল এৰি সম্প্ৰতি জনাঞ্চলত প্ৰৱেশ কৰিছে পোৱালি সহ জাক জাক বনৰীয়া হাতী ৷ ৰঙাপৰাত ইতিমধ্যেই প্ৰৱেশ কৰিছে ১০০ জনীয়া এটি বন্যহস্তীৰ বৃহৎ জাক৷ কণ কণ পোৱালী লগত লৈ প্ৰৱেশ কৰা বনৰীয়া হাতীৰ জাক সমূহ চাহ বাগিচাৰ লগতে গাঁও অঞ্চলতো প্ৰৱেশ কৰাত ৰাইজ শংকিত হৈ পৰিছে ৷
বন্যহস্তীৰ জাকে পকা ধাননি পথাৰৰ লগতে অন্যান্য শষ্য পথাৰ সমূহৰো বিস্তৰ ক্ষতিসাধন কৰিছে৷ আমাৰিবাৰী আৰু তেজপুৰ সদৰৰ বন বিভাগৰ লোকে বন্যহস্তীৰ জাক সমূহ পুণৰ বনাঞ্চললৈ খেদি পঠোৱাৰ চেষ্টা আব্যাহত ৰাখিছে যদিও একাংশ লোকে আগভেটি ধৰাৰ ফলত সমস্যাৰ সৃষ্টি হৈছে।