Advertisment

নগাঁৱৰ কামপুৰ-বৰকলাত বনৰীয়া হাতীৰ উপদ্ৰৱ

কৃষকৰ বাবে এক সম্ভাৱনাপূৰ্ণ মাহ হ'ল আঘোণ মাহ। সাধাৰণতে এই মাহতেই কৃষক ব্যস্ত হৈ পৰে পথাৰৰ সোণগুটি চপোৱাত। কিন্তু নগাঁও জিলাৰ কিছু কিছু এলেকাত পথাৰত সোণগুটি চপাবলৈ গৈ কৃষকসকল থমকি ৰ’ব লগা হৈছে।

author-image
Asomiya Pratidin
New Update
ele

ডিজিটেল সংবাদ, কামপুৰ : কৃষকৰ বাবে এক সম্ভাৱনাপূৰ্ণ মাহ হ'ল আঘোণ মাহ। সাধাৰণতে এই মাহতেই কৃষক ব্যস্ত হৈ পৰে পথাৰৰ সোণগুটি চপোৱাত। কিন্তু নগাঁও জিলাৰ কিছু কিছু এলেকাত পথাৰত সোণগুটি চপাবলৈ গৈ কৃষকসকল থমকি ৰ’ব লগা হৈছে। 

Advertisment

কিয়নো এই অঞ্চলসমূহত যোৱা দুদিন ধৰি বনৰীয়া হাতীয়ে উপদ্ৰৱ অব্যাহত ৰাখিছে। জিলাখনৰ কামপুৰৰ তেতেলীসৰা , তেলীয়াআটি, পলশা ,কচাৰীখন্দা আদি বৃহত্তৰ এলেকাত প্ৰায় ১০০ জনীয়া বনৰীয়া হাতীৰ জাকে অৱস্থান কৰি উপদ্ৰৱ অব্যাহত ৰাখিছে। 

বনৰীয়া হাতীৰ জাকটোৱে এই বৃহৎ এলেকাৰ শালিধানৰ খেতিৰ ব্যাপক অনিষ্ট সাধন কৰিছে। শুকুৰবাৰে পুৱাৰ ভাগত কৃষকে ধান কাটি থকা অৱস্থাত হাতীৰ জাকটো পথাৰৰ অভিমুখে অহাত কৃষকে আধাতে ধানকটা সামৰি ঘৰলৈ ওভতি যাব লগা পৰিস্থিতিৰ সৃষ্টি হয়। 

বনৰীয়া হাতীয়ে অঞ্চলটোৰ শালিধানৰ খেতি খাই তহিলং কৰাত এতিয়া কৃষকে মূৰে -কপালে হাত দিব লগা অৱস্থাৰ সৃষ্টি হৈছে। হাতীৰ জাকটোৱে পলসা ৰিজাৰ্ভত অৱস্থান কৰি থকাত কৃষক ৰাইজৰ মাজত হাহাকাৰ সদৃশ পৰিবেশে বিৰাজ কৰিছে। 

বানপীড়িত এই এলেকাৰ কৃষকে বানত ক্ষতিগ্ৰস্ত হোৱাৰ পিছত অতি কষ্টৰে শালিধানৰ খেতি কৰিছিল যদিও এতিয়া ভূতৰ ওপৰত দানৱ পৰাদি বনৰীয়া হাতীয়ে পথাৰৰ সোণগুটি খাই তহিলং কৰাত কৃষকৰ মূৰত সৰগ ভাগি পৰিছে। আনহাতে জিলাখনৰ বৰকলা অঞ্চলতো বনৰীয়া হাতীয়ে তাণ্ডৱ চলাইছে। 

বৰকলা অঞ্চলৰ পালেংতলি আদি এলেকাত হাতীয়ে অৱস্থান কৰি খেতি পথাৰৰ ক্ষতিসাধন কৰিছে। কৃষক ৰাইজে বনবিভাগক বনৰীয়া হাতীৰ অৱস্থিতিৰ বিষয়ে অবগত কৰে যদিও বন বিভাগৰ লোক পলমকৈ উপস্থিত হৈ হাতীৰ জাকক খেদি পঠিয়াবলৈ চেষ্টা কৰিছে যদিও সফল হোৱা নাই। 

খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাকটো জনাঞ্চললৈ নামি আহি খেতি পথাৰৰ ক্ষতিসাধন কৰিছে। কৃষক ৰাইজে বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা খেতিপথাৰ ৰক্ষা কৰাৰ বাবে বন বিভাগক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

assam forest department kampur wild elephant