/asomiyapratidin/media/media_files/2024/12/05/S7KVfa7FQzntWq12UzSp.jpg)
ডিজিটেল সংবাদ, ওৰাং : শোণিতপুৰৰ বৰছলাৰ তেলিয়াগাঁৱত অৱ্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ। বিগত এসপ্তাহ ধৰি বনৰীয়া হাতীৰ উপদ্ৰৱে নিদ্ৰাহৰণ কৰিছে অঞ্চলটোৰ ৰাইজক ৷ অঞ্চলটোত এটা বনৰীয়া হাতীয়ে দিন দুপৰতে মুক্ত বিচৰণ কৰি ব্যাপক ক্ষতিসাধন অব্যাহত ৰাখিছে৷
জানিব পৰা মতে ব্ৰহ্মপুত্ৰৰ পাৰত তেলিগাঁৱত চাপৰিত বিভিন্ন কৃষিকাৰ্য এফালৰ পৰা তহিলং কৰিছে এই বনৰীয়া হাতীটোৱে৷ সোণোৱালী ধাননি পথাৰত এটি বনৰীয়া হাতীয়ে দিন দুপৰতে মুক্ত বিচৰণ কৰি ধান আদি ক্ষতিসাধন কৰাত আতংকিত হৈ পৰিছে কৃষক ৰাইজ৷
এই সন্দৰ্ভত বন বিভাগক বাৰম্বাৰ অৱগত কৰাৰ পিছত হাতীটোক খেদি পঠোৱাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ বন বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজৰ৷ হাতীটোক খেদি পঠোৱাৰ বাবে বন বিভাগক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে ৷