পর্বতঝোৰাত বন্য হস্তীৰ মুক্ত বিচৰণ

পৰ্বতঝোৰা মহকুমাৰ মহামায়া সংৰক্ষিত বনাঞ্চলৰ পৰা বন্যহস্তীৰ জাক এটাই বিচৰণ কৰাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ স্থানীয় ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে।

author-image
Asomiya Pratidin
New Update
315

ডিজিটেল সংবাদ, পৰ্বতঝোৰা : বিটিআৰৰ পৰ্বতঝোৰা মহকুমাৰ মহামায়া সংৰক্ষিত বনাঞ্চলৰ পৰা বন্যহস্তীৰ জাক এটাই বিচৰণ কৰাৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ স্থানীয় ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে। দিনৰ ভাগত মাক্ৰীঝৰা গ্ৰীণ যুটীয়া বন পৰিচালনা সমিতিয়ে  নিৰ্মাণ কৰা অমৃত সৰোবৰ পুখুৰীৰ পাৰত চাৰিজনীয়া বন্যহস্তীৰ  জাক এটা ওলাই আহে।

Advertisment

হাতীৰ জাকটোৱে গ্ৰীণ যুটীয়া বন পৰিচালনা সমিতিখনৰ পুখুৰীৰ পাৰত থকা দুটা সৌৰ শক্তিৰ লাইট ভাঙি তচনচ কৰে। জন বসতিৰ কাষৰে অমৃত সৰোবৰ পুখুৰীৰ পাৰত থকা বন্যহস্তী ৰ জাকটোক বনাঞ্চললৈ খেদি পঠিয়াবলৈ বন কৰ্মী দল আহি উপস্থিতহৈ তিনিটা হাতী বনলৈ ওভতাই দিবলৈ সক্ষম হয় যদিও এটা হাতী দীৰ্ঘ সময় ধৰি পুখুৰীৰ কাষতে থিয় হৈ থাকে।

পাছত স্থানীয় ৰাইজে হাতীটোক খাদ্য যোগান ধৰাৰ পিছত বনাঞ্চলত প্ৰৱেশ কৰে। উল্লেখ্য যে পৰ্বতঝোৰা বনাঞ্চলত থকা হাতীৰ জাক মাজে মাজে ওলাই আহি বনাঞ্চলত বসবাস কৰা জনজাতীয় লোক সকলৰ লগতে বনাঞ্চলৰ কাষতে থকা ৰাইজৰ ঘৰ বাৰীৰ যথেষ্ট ক্ষতি কৰে যদিও বন বিভাগে কোনো ধৰণৰ তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

পৰ্বতঝোৰা