কচুৱাৰ শিমলুগুৰিত বন্যহস্তীৰ সন্ত্ৰাস

কামপুৰ বন আঞ্চলিক কাৰ্যলয়ৰ অন্তৰ্গত কচুৱাৰ শিমলুগুৰি জুকুটাত এটা বন্যহস্তীয়ে দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আহিছে ৷ নিশা হ'লেই বন্যহস্তীটোৱে সন্ত্ৰাস চলাই বহু লোকৰ ঘৰ -বাৰী ভাঙি, সা -সম্পত্তি নষ্ট কৰিছে।

author-image
Asomiya Pratidin
New Update
web ap hosti

ডিজিটেল সংবাদ, কামপুৰ : কামপুৰ বন আঞ্চলিক কাৰ্যলয়ৰ অন্তৰ্গত কচুৱাৰ শিমলুগুৰি জুকুটাত এটা বন্যহস্তীয়ে দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আহিছে ৷ নিশা হ'লেই বন্যহস্তীটোৱে সন্ত্ৰাস চলাই বহু লোকৰ ঘৰ -বাৰী ভাঙি, সা -সম্পত্তি নষ্ট কৰিছে।

Advertisment

বন্যহাস্তীটোৰ এই সন্ত্ৰাসৰ বাবে অঞ্চলটোৰ লোক সকলক শংকিত হৈ পৰিছে ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি সন্ত্ৰাস চলোৱা হাতীটো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৷  এটা ভৰিত এডোখৰ ঘাঁ লৈয়ে অতি কষ্টৰে জীৱন কটাইছে বন্যহস্তীটোৱে ৷

ইফালে বন বিভাগে হাতীটোৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ 

kampur