/asomiyapratidin/media/media_files/2025/04/17/XgJ4tf0e59r6aQJgklft.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ নগাঁও জিলাৰ কামপুৰ বন আঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কচুৱা ধনচিলা পাহাৰতলীত সংঘটিত হয় এক কৰুণ ঘটনা। পুৱা পাহৰৰ নামনিত পৰি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে এটা বনৰীয়া মৃত হাতী ৷
এই পৰ্যন্ত বন্যহস্তীৰ মৃত্যুৰ কৰাণ জানিব পৰা হোৱা নাই ৷ হাতীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰা লগে লগে স্থানীয় ৰাইজে আৰক্ষী তথা বন বিভাগক খবৰ দিয়ে। কিছু সময় পাছতে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হয়। ইতিমধ্যে বন বিভাগে হাতীটোৰ মৃত্যু সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us