খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ...

অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত নিশা ওলাই অহা হাতীৰ মৃতদেহ উদ্ধাৰ ।

author-image
Asomiya Pratidin
New Update
খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া
 হাতীৰ মৃতদেহ উদ্ধাৰ...

ডিজিটেল সংবাদ, চৰাইদেউ: অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত নিশা ওলাই অহা হাতীৰ মৃতদেহ উদ্ধাৰ ।সোণাৰিৰ নাফুক চাহ বাগিচাৰ ৮ নং লাইনত উদ্ধাৰ হাতীটোৰ মৃতদেহ।

Advertisment

বিদ্যুৎপৃষ্ট হৈ হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। মন কৰিবলগীয়া যে, খাদ্যৰ সন্ধানত অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ ধান খেতি প্ৰতিবছৰে অনিষ্ট কৰি আহিছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত খেতি পথাৰৰ শস্য সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাইজে পথাৰত বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰি ৰাখে। এই তাঁৰত লাগিয়েই হাতীটো বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে ।

assam dead elephant