/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2020/12/elephant-news-2848c-fd95-4791-8db3-493ee4f8c8af.jpg)
প্ৰতীকি ফটো
ডিজিটেল সংবাদ,বকো : কামৰূপ জিলাৰ বকোত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণ মতে বকো থানাৰ অন্তৰ্গত পালাহপাৰা গাঁৱৰ হৰি ৰাভা (৪০) নামৰ শাৰীৰিকভাৱে সক্ষম লোকগৰাকীয়ে শনিবাৰে সন্ধিয়া শিংৰা শালনীবাৰীত খৰি কাটিবলৈ যায় ।
সেই সময়ত বনৰীয়া হাতী এটাই হৰি ৰাভাক পিচফালৰ পৰা আক্ৰমণ কৰে । ফলত লোকগৰাকীৰ থিতাতে মৃত্যু হয় । বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হোৱা লোকগৰাকীৰ মৃতদেহ দেওবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা কৰি আনি অন্তষ্টি:ক্ৰিয়া সম্পন্ন কৰা হয় ।