বন্যহস্তীৰ আক্ৰমণত কৃষকৰ কৰুণ মৃত্যু

পুনৰ হাতী-মানুহৰ সংঘাত সংঘটিত হৈছে শোণিতপুৰৰ ৰঙাপৰাত। বনৰীয়া হাতীৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে এজন ব্যক্তিৰ। ৰঙাপৰাত হাতী -মানুহৰ এই সংঘাতক লৈ পুনৰ শংকিত হৈ পৰিছে কৃষক ৰাইজ। 

author-image
Asomiya Pratidin
New Update
বন্যহস্তীৰ আক্ৰমণত নিহত কৃষক

বন্যহস্তীৰ আক্ৰমণত নিহত কৃষক

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ পুনৰ হাতী-মানুহৰ সংঘাত সংঘটিত হৈছে শোণিতপুৰৰ ৰঙাপৰাত। বনৰীয়া হাতীৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে এজন ব্যক্তিৰ। ৰঙাপৰাত হাতী -মানুহৰ এই সংঘাতক লৈ পুনৰ শংকিত হৈ পৰিছে কৃষক ৰাইজ। 

Advertisment

ৰঙাপৰাৰ পগলাবিল গাঁৱৰ কৃষক কৃষ্ণ খেৰিয়াই পুৱা নিজৰ খেতি পথাৰত হাল বাই আছিল। ঠিক তেনে সময়তে পগলাবিল- বৰজুলি সংযোগী পথচোৱাই দি এটা প্ৰকাণ্ড বনৰীয়া আহিছিল। বনৰীয়া হাতীটোৱে পথৰ পৰা নামি গৈ খেতি পথাৰত হাল বাই থকা অৱস্থাতে কৃষকজনক আক্ৰমণ কৰে৷ যাৰ ফলত ঘটনাস্থলীতে মৃত্যুক আকোৱালি লয় কৃষক কৃষ্ণ খেৰিয়াই। 

বনৰীয়া হাতীৰ আক্ৰমণত কৃষকজনৰ মৃত্যু হোৱাৰ ঘটনাই ৰঙাপৰা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইফালে বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা এগৰাকী মহিলা কথমপি প্ৰাণ ৰক্ষা পৰে। ঘটনাস্থলীত ৰঙাপৰা আৰক্ষী উপস্থিত হৈ সমগ্ৰৰ ঘটনাৰ বুজ লয়। পগলাবিল গাঁৱৰ ৰাইজে বনৰীয়া হাতীটোক বনাঞ্চলৰ দিশে খেদি পঠিয়াবলৈ হন বিভাগক দাবী জনাইছে।

হাতী মানুহৰ সংঘাত বনৰীয়া হাতী