Advertisment

হাওৰাঘাটৰ জনাঞ্চলত আৱদ্ধ ৪০ টাতকৈ অধিক বন্যহস্তী

স্থানীয় লোকে একে স্থানতে জমা হৈ থকা বন্যহস্তীৰ জাকটো দেখি হাই হলুস্থল কৰে যদিও দিন দুপৰতেই হাতীৰ জাকটো নিজ স্থান পাহৰি যোৱাত স্থানান্তৰ হব নোৱাৰে। একেদৰে জুম বান্ধি থকা বন্যহস্তীৰ জাকটো পাহাৰৰ পিনে খেদি পঠিয়াবলৈ বন বিভাগক অনুৰোধ জনায়।

author-image
Asomiya Pratidin
New Update
d

ডিজিটেল সংবাদ,হাওৰাঘাট:  কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ পূব ডিখাৰুৰ দীঘলপানী নদীৰ পাৰত শনিবাৰে নিশা পাহাৰৰ পৰা খাদ্যৰ সন্ধানত ওচৰৰ পাহাৰৰ পৰা ওলাই অহা ৪০ টাতকৈও অধিক বনৰীয়া হাতী নিজ পথ পাহৰি পূব ডিখাৰুৰ ধাননী পথাৰত আৱদ্ধ হৈ পৰে।

Advertisment

স্থানীয় লোকে একে স্থানতে জমা হৈ থকা বন্যহস্তীৰ জাকটো দেখি হাই হলুস্থল কৰে যদিও দিন দুপৰতেই হাতীৰ জাকটো নিজ স্থান পাহৰি যোৱাত স্থানান্তৰ হব নোৱাৰে। একেদৰে জুম বান্ধি থকা বন্যহস্তীৰ জাকটো পাহাৰৰ পিনে খেদি পঠিয়াবলৈ বন বিভাগক অনুৰোধ জনায়।

বন্যহস্তীৰ জাকটো যদি এটা ভাল স্থানত লৈ যোৱা নহয় তেন্তে পৰৱৰ্তী সময়ত পথেৰে গৈ থকা মানুহ বা পথাৰত কাম কৰি থকা কৃষকৰ অজানিতে কিবা ক্ষতি হ'লে বন বিভাগ জগৰীয়া হ'ব বুলি সচেতন লোকে মন্তব্য কৰে । এই সন্দৰ্ভত বনবিভাগ তথা স্থানীয় জনপ্ৰতিনিধিক বন্যহস্তীৰ জাকটো সুৰক্ষিত অঞ্চলত খেদি পঠিয়ায় কৃষকৰ ধান শস্য ৰক্ষা কৰিবলৈ অনুৰুধ জনাইছে সচেতন কৃষক ৰাইজে ।

বন্যহস্তী