চাৰিদুৱাৰত বনৰীয়া হাতীয়ে ত্ৰাহি মধুসুদন সোঁৱৰাইছে গঞা ৰাইজক...

চাৰিদুৱাৰত বনৰীয়া হাতীয়ে ত্ৰাহি মধুসুদন সোঁৱৰাইছে গঞা ৰাইজক...

author-image
Asomiya Pratidin
New Update
চাৰিদুৱাৰত বনৰীয়া হাতীয়ে  ত্ৰাহি মধুসুদন সোঁৱৰাইছে গঞা ৰাইজক...

ডিজিটেল সংবাদ,শোণিতপুৰঃ শোণিতপুৰত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। সোমবাৰে পুৱতি নিশাৰ পৰা চাৰিদুৱাৰৰ অন্তৰ্গত ননকে,বাকোলা,মৰিসুঁতি আদি গাঁৱত তাণ্ডৱ চলাই আছে এটা বনৰীয়া হাতীয়ে ৷ অঞ্চলটোত অত্যাচাৰ চলাই ২০ তাতকৈ অধিক বাসগৃহ ভাঙি ত্ৰাহি মধুসুদন সোঁৱৰাইছে গঞা ৰাইজক।

Advertisment

ঘৰ-দুৱাৰৰ লগতে মন্দিৰৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে বনৰীয়া হাতীটোৱে৷ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত নিশা ওলাই অহা বনৰীয়া হাতীৰ আক্ৰমণত বিগত সময়ত মৃত্যু হৈছে বহুলোকৰ৷

যোৱা নিশাও হাতীৰ জাকৰ পৰা ফালৰিকাটি অহা এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে গাঁও সমূহত প্ৰৱেশ কৰি তাণ্ডৱ চলায়৷ স্থানীয় ৰাইজৰ অভিযোগ হাতী খেদাত ব্যৰ্থ বন বিভাগ।

Also Read: শ্ৰেষ্ঠ ভাৰত গঢ়াৰ লক্ষ্যৰে অষ্টাদশ লোকসভা অধিৱেশন অনুষ্ঠিত হৈছেঃ মোডী

Chariduwar wild elephant