Advertisment

বিজনীত বন গৰুৰ সন্ত্ৰাস ! বন গৰুৰ আক্ৰমণত মহিলাসহ আহত চাৰিজন....

চিৰাং জিলাৰ বিজনীৰ আবাদীপাৰাত বুধবাৰে পুৱা এটা প্ৰাপ্তবয়স্ক বনৰীয়া গৰু (বাইছন)ৰ আক্ৰমণত এগৰাকী মহিলাসহ চাৰি গৰাকী লোক গুৰুতৰভাৱে আহত হয় ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ, চিৰাংঃ  চিৰাঙৰ বিজনীত বন গৰুৰ সন্ত্ৰাসত কম্পিত সাধাৰণ ৰাইজ । চিৰাং জিলাৰ বিজনীৰ আবাদীপাৰাত বুধবাৰে পুৱা এটা প্ৰাপ্তবয়স্ক বনৰীয়া গৰু (বাইছন)ৰ আক্ৰমণত এগৰাকী মহিলাসহ চাৰি গৰাকী লোক গুৰুতৰভাৱে আহত হয় । আহত ব্যক্তি চাৰিজন ক্ৰমে আবাদীপাৰা নিৱাসী পুৰ্ণিমা ৰায় (৫০), ললিতা সৰকাৰ (৬৮) আৰু ভাওৰাগুৰীৰ নিৱাসী নজমুল আলী (৩০)  আৰু দাসপাৰাৰ নিৱাসী মহৰ আলী (৫৫) ।

Advertisment

আহত সকলক চিকিৎসাৰ বাবে বিজনী মহকুমা অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও কৰ্তব্যৰত চিকিৎসকে আহত পূৰ্ণিমা ৰায় নামৰ মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । উল্লেখ্য বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী সংৰক্ষিত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নিশা ওলাই অহা এই প্ৰাপ্তবয়স্ক বনৰীয়া গৰুৱে বৃহত্তৰ আবাদীপাৰা, দাসপাৰা, ভাওৰাগুৰী অঞ্চলত প্ৰবেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে। 

বনৰীয়া গৰুৰ সন্ত্ৰাসত সম্প্ৰতি এলেকাটোত এক আতংকৰ পৰিৱেশ বিৰাজ কৰিছে । ইপিনে বনাঞ্চলৰ পৰা জনাঞ্চলত বন গৰুৰ আগমন হোৱাৰ খবৰ লাভ কৰি অঞ্চলটোত বন বিভাগ আৰু আৰক্ষী, এছ এছ বিৰ জোৱান উপস্থিত হৈ বনৰীয়া গৰুটো ৰাষ্ট্ৰীয় উদ্যানখনলৈ খেদি পঠিয়াবলৈ চেষ্টা চলাই থকাৰ সময়তে বনগৰুটোয়ে ললিতা সৰকাৰ নামৰ আন এগৰাকী বৃদ্ধাক আক্ৰমণ কৰি গুৰুতৰ ভাবে আহত কৰে । 

বনগৰুটোৰ আক্ৰমণত গুৰুতৰভাবে আহত হোৱা বৃদ্ধা গৰাকীক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । ইপিনে বনগৰু চাৱলৈ উৎসুক জনতাৰ ভীৰ হোৱাত বনগৰুটোক পুনৰ জংঘললৈ পঠিয়াবলৈ অসুবিধাৰ সন্মুখীন হৈছে বনকৰ্মী সকলৰ ।  

 

বিজনী