জামুগুৰিহাটত জনাঞ্চলত বিচৰণ বনৰীয়া ম'হৰ…

স্থানীয় ৰাইজে বনবিভাগক ঘটনা সন্দৰ্ভত অৱগত কৰাত বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বনৰীয়া ম'হৰ বৃহৎ জাকটো পুনৰ বনাঞ্চললৈ খেদি পঠিয়াই।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ খলিহামাৰিত বিচৰণ বনৰীয়া ম'হৰ এটি বৃহৎ জাকৰ। নষ্ট কৰিছে কৃষকৰ শস্য । নিশাৰ ভাগত নিকটৱৰ্তী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই আহি গাঁওখনত প্ৰৱেশ কৰা দহ বাৰজনীয়া বনৰীয়া ম'হৰ জাক এটা পুৱাই স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাৰ পাছতেই এক আতংকিত পৰিবেশৰ সৃষ্টি হয়।

Advertisment

স্থানীয় ৰাইজে বনবিভাগক ঘটনা সন্দৰ্ভত অৱগত কৰাত বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বনৰীয়া ম'হৰ বৃহৎ জাকটো পুনৰ বনাঞ্চললৈ খেদি পঠিয়াই। উল্লেখ্য যে বন্যহস্তী, বনৰীয়া গাহৰিৰ পিছত এইবাৰ এই অঞ্চলটোত বনৰীয়া ম'হৰ বিচৰণে এতিয়া ৰাইজক অধিক শংকিত আৰু চিন্তিত কৰি ৰাখিছে।