/asomiyapratidin/media/media_files/2025/04/29/DEWAAmMRqIhESfnVupap.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ কৰুণা চেন্টাৰৰ সমীপত বনৰীয়া ম'হৰ আক্ৰমণত মৃত্যু হৈছে এজন যুৱকৰ। অকাল মৃত্যুক সাৱতি লোৱা ৩০বছৰীয়া দুৰ্ভগীয়া যুৱকজন কৰুণা চেন্টাৰৰ কাষৰে বগৰাআতি গাঁৱৰ দিলদাৰ হুছেইন বুলি জানিব পৰা গৈছে।
যুৱকজনে পুৱাই নিজৰ গৰু পথাৰত এৰাল দিবলৈ যোৱাৰ সময়তে পথাৰ খনত বিচৰণ কৰি থকা এটা প্ৰকাণ্ড বনৰীয়া ম'হে দৌৰি খেদি আহে ৷ দিলদাৰ হুছেইনে ভয়ত পলাবলৈ চেষ্টা কৰিছিল যদিও বনৰীয়া ম'হটোৰ আক্ৰমনত বাগৰি পৰে ৷
উল্লেখ্য যে ইয়াৰ পূৰ্বেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা বনৰীয়া ম'হৰ আক্ৰমণৰ বলি হৈছে আঞ্চলটোৰ বহু লোক। জামুগুৰি আৰক্ষীয়ে যুৱক জনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে৷